টংলা : ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত নিজ শস্ত্ৰপাৰাত আজি পুৱতি নিশা কৃষক পৰিয়াল এটাৰ ঘৰৰ গোহালিত বাঘৰ আক্ৰমণত এজনী গাই গৰু আহত হোৱা ঘটনাই অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ৷
জানিব পৰা অনুসৰি নিজ শস্ত্ৰপাৰা গাঁৱৰ পংকজ বড়ো নামৰ কৃষকজনৰ ঘৰত আজি পুৱতিনিশা প্ৰায় ৩ বজাত গোহালিত বান্ধি থোৱা গৰুয়ে অস্বাভাৱিকভাৱে চিঞৰিবলৈ ধৰাৰ উৎস বিচাৰি পুৱা এজনী গাই গৰুৰ ডিঙিত কামুৰাৰ চিন দেখিবলৈ পোৱাৰ উপৰি গোহালিৰ কাষত বাঘৰ খোজ প্ৰত্যক্ষ কৰি ৰাইজ আতংকিত হৈ পৰে ৷ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰকৃতিতে গৰুজনীক বাঘে আক্ৰমণ কৰিছে নে আন কোনো বন্য জন্তুয়ে কৰিছে সেয়া তদন্ত কৰিবলৈ আৰম্ভ কৰিছে ৷
প্ৰাথমিক তদন্তত গৰুক আক্ৰমণ কৰা জন্তুবিধ বাঘেই হ’ব বুলি পতিয়নমান হৈছে যদিও বাতৰি যুগুতোৱা পৰলৈ কোনেও বাঘটো স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সক্ষম নোহোৱাত অঞ্চলটোত বাঘৰ আতংক অব্যাহত আছে৷