খাতি খোৱা শ্ৰমিকৰ তেজেৰে ৰাঙলী হ ল নুমলীগড়ৰ পোৰাবাংলা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, January 04, 2019

খাতি খোৱা শ্ৰমিকৰ তেজেৰে ৰাঙলী হ ল নুমলীগড়ৰ পোৰাবাংলা


নুমলীগড় : বিগত বৰ্ষত নুমলীগড়ৰ বগীধলা চাহ বাগিচাৰ ৭ জনকৈ শ্ৰমিকক ন্যাৰ্য প্ৰাপ্য বিচাৰি যাওতে গুলীয়াই আহত কৰাৰ পাছত লকআউত ঘোষনা কৰা বাগিছা খনত এতিয়া শ্ৰমিক সকলে নিজেই পাত চিঙি চলি আহিছিল।

কিন্তু কালি বাগিছা খনৰ ৩ জনকৈ শ্ৰমিকক পুনৰ গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই আজি পুনৰ উতপ্ত হৈ পৰিল বাগিছা খন। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) ৰ উদ্যোগত বাগিছা খনৰ শ শ শ্রমিকে পোৰাবাংলাত পথ অবৰোধ কৰি গ্ৰেপ্তাৰ কৰা ৩ জন শ্ৰমিকক মুকলি কৰাৰ লগতে শ্ৰমিকৰ প্ৰাপ্য আদায় দিবলৈ প্ৰতিবাদ কৰি থাকোতেই প্ৰতিবাদ স্থলিত উপস্থিত হয় অতিৰিক্ত উপায়ুক্ত উৎপল দলে, মৰঙিৰ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰ আৰু গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত বিশাল আৰক্ষী আৰু অদ্ধসামৰিক বাহিনী।

ইয়াৰ পিছতেই ক্ৰমাৎ উতপ্ত হোৱা প্ৰতিবাদ স্থলিত আৰক্ষীয়ে গুলী ফুটাই কন্দুৱা গেছ নিক্ষেপ কৰি একপ্ৰকাৰ কোবাই কোবাই, খেদি খেদি ছত্ৰভঙ্গ দিবলৈ চেষ্টা কৰে৷

SPONSORED