নিযুক্তিৰ নামত চলিছে ব্যাপক অনিয়ম
গুৱাহাটী : নামনি অসমৰ ছােৱালীসকলৰ বাবে গঢ়ি উঠা অন্যতম উচ্চ শিক্ষানুষ্ঠান ধুবুৰী ছােৱালী মহাবিদ্যালয়ত ব্যাপক অনিয়ম-কেলেংকাৰী সংঘটিত হােৱাৰ গুৰুতৰ অভিযােগ উত্থাপিত হৈছে। ২০০৮ চনত দায়িত্বভাৰ গ্ৰহণ কৰা মহাবিদ্যালয়খনৰ ভাৰপ্রাপ্ত অধ্যক্ষ সন্তোষ কুমাৰ মালাকাৰৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযােগ উত্থাপন হৈছে।
প্রাপ্ত অভিযােগ অনুসৰি শেহতীয়াকৈ মহাবিদ্যালয়খনত দুটাকৈ পদত নিযুক্তি প্রদানৰ বাবে আবেদন বিচাৰি ভাৰপ্রাপ্ত অধ্যক্ষগৰাকীয়ে নীতি বহির্ভূতভাৱে ৰাজ্যখনৰ এখন আগশাৰীৰ ইংৰাজী কাকতত বিজ্ঞাপন প্রকাশ কৰে। কাকতখনত বিজ্ঞাপন প্রকাশ হােৱাৰ পিছতেই জোলােঙাৰ মেকুৰী ওলাই পৰে। কিয়নাে The Assam Venture Educational Institutions. Provincialisation of Services Act. 2011 অনুসৰি ২০১১ চনৰ ১ জানুৱাৰীৰ পিছৰ পৰা নতুনকৈ কোনােধৰণৰ নিযুক্তি প্রদান কৰিব নােৱাৰে। তাৰােপৰি নিযুক্তি প্রদানৰ বাবে কোনাে ধৰণৰ বিজ্ঞাপন প্রকাশ কৰিবলৈ হ'লে ৰাজ্যখনৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চলকৰ পৰা অনুমতি লৈহে বিজ্ঞাপন আদি প্ৰকাশ কৰিব পাৰিব। কিন্তু তেনেস্থলত মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে কেৱল মাত্র মহাবিদ্যালয়খনৰ গৱৰ্ণিং বডিৰ পৰা সভা আকাৰে এক প্রস্তাৱ লৈ এই বিজ্ঞাপন প্রকাশ কৰিছে৷ ইয়াৰােপৰি বিজ্ঞাপনত প্ৰকাশ কৰা অনুসৰি নিজকে অধ্যক্ষ হিচাপে উল্লেখ কৰিছে সন্তোষ মালাকাৰে। প্ৰকৃতাৰ্থত সন্তোষ মালাকাৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ নহয়, ভাৰপ্ৰাপ্ত অধ্যক্ষহে।
কেৱল বিজ্ঞাপনতেই নহয় ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ ২০১৮-১৯ শিক্ষাবর্ষৰ বাবে প্ৰকাশ কৰি উলিওৱা প্ৰছপেক্টাচ, কাৰ্যালয়ত থকা অধ্যক্ষসকলৰ নামৰ তালিকা আদি কৰি সকলােতে নিজকে অধ্যক্ষ বুলি উল্লেখ কৰি আহিছে।
আনহাতে উল্লেখ কৰা বাহুল্য যে মহাবিদ্যালয়খনত ভাৰপ্রাপ্ত অধ্যক্ষৰ পৰা চতুর্থবর্গৰ কৰ্মচাৰীলৈকে পাঁচগৰাকীকৈ মালাকাৰ উপাধিধাৰী লােকেহে বিভিন্ন পদত অধিষ্ঠিত হৈ আছে। ইয়াৰে উদাহৰণ স্বৰূপে সন্তোষ মালাকাৰে নিজে ভাৰপ্রাপ্ত অধ্যক্ষ হােৱাৰ উপৰি অসমীয়া বিভাগৰ সহকাৰী অধ্যাপকৰ লগতে আইডল আৰু অল কোর্চ কো-অর্ডিনেটৰ হিচাপে নিজৰেই পুত্র মধুসুদন মালাকাৰ, কম্পিউটাৰ বিজ্ঞান বিভাগত গােপাল চন্দ্র মালাকাৰ, চতুর্থ বর্গৰ লাইব্রেৰী সহায়ক শংকৰ মালাকাৰ আৰু নৈশ চকীদাৰ প্রীতম মালাকাৰক অধিষ্ঠিত কৰি ৰাখিছে। একেদৰে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা উজ্জয়িনী দাসগুপ্তা আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰ শ্ৰদ্ধাম্মিতা বৰা ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ পুত্ৰ বােৱাৰী। এক কথাত মালাকাৰ গ্রুপ অফ কোম্পানীৰ লেখীয়াকৈ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে নিজৰ পৰিয়াল আৰু আত্মীয়স্বজনক বিভিন্ন পদত অধিষ্ঠিত কৰি মহাবিদ্যালয়খনত একছত্রী শাসন চলাই আহিছে।
শেহতীয়াকৈ আন দুটা খালী পদ পূৰােৱাৰ উদ্দেশ্যেৰে যি বিজ্ঞাপন প্রকাশ কৰা হৈছে, সেই পদ দুটাতাে নিজৰেই পৰিয়াল তথা আত্মীয়ৰ লােকক অধিষ্ঠিত কৰাব বুলি সর্বত্রে চর্চা লাভ কৰিছে। ইয়াৰােপৰি ৰূপলী জয়ন্তী গৰকা এইখন ছােৱালী মহাবিদ্যালয়ত কিয় উদ্যাপন কৰা নহ'ল ৰূপালী জয়ন্তী বর্ষ? কিয় নিজৰেই পুত্ৰ মধুসূদন মালাকাৰক আইড’লৰ সকলাে বিভাগ আৰু বিষয়ৰ কোঅর্ডিনেটৰ হিচাপে ৰাখিছে তাকে লৈয়াে অঞ্চলটোৰ সচেতন মহলে প্রশ্নৰ অৱতাৰণা কৰিছে।
সততে দুর্নীতি তথা অনিয়মত শূণ্য সহনশীল নীতি গ্রহণ কৰা বুলি সর্বানন্দ সােণােৱাল নেতৃত্বাধীন চৰকাৰমন্ত্রী আৰু শিক্ষা বিভাগৰ উর্ধতন মহলে এই মহাবিদ্যালয়খনৰ অনিয়ম সন্দৰ্ভত কেনে ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব। অৱশ্যে এই বিষয়ে অর্থাৎ মহাবিদ্যালয়খনত চলি থকা সমগ্র অনিয়ম পৰৱৰ্তী সময়ত প্রতিবেদন আকাৰে বিস্তাৰিতভাৱে প্ৰকাশ কৰা হ'ব।