টকা দি মানুহ অনা সভাত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নাটক কৰি গ’ল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, February 11, 2019

টকা দি মানুহ অনা সভাত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নাটক কৰি গ’ল

গুৱাহাটী :  টকা দি মানুহ অনা সভাত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নাটক কৰি গ’ল বুলি কটাক্ষ কৰিছে ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ টকা-পইচা দিলে সভাত মানুহ হ’বই, চৰকাৰৰ টকাৰে বিজেপিৰ সভা পাতিলে বুলি অভিযোগ আনি প্রধানমন্ত্রীৰ উপস্থিতিত কালি অনুষ্ঠিত সভাখনকে কঠোৰ ভাষাৰে গগৈয়ে সমালোচনা কৰে৷

মোদীৰ উপস্থিতিত কালি অনুষ্ঠিত হোৱা সভাখনক উদ্দেশ্যি আজি এখন সংবাদমেলত গগৈয়ে কয় যে সভাত দুই লাখ মানুহ উপস্থিত কৰালেই অসমীয়াই ভয় নকৰে আৰু বিজেপিয়ে দমন নীতিৰে আন্দোলন বন্ধ কৰিব নোৱাৰে৷ অসমৰ ৰাইজক অৱজ্ঞা কৰিলে পৰিণাম ভয়ংকৰ হ’ব বুলিও সকীয়াই দি সমগ্র ৰাজ্যত ক’লা পতাকাৰ সন্মুখীন হোৱা নৰেন্দ্র মোদীয়ে একমাত্র প্রধানমন্ত্রী বুলি আঙুলিয়াই দিয়ে৷


নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ হোৱা প্রতিবাদক উপেক্ষা কৰি বিধেয়ক গৃহীত হ’বই বুলি প্রধানমন্ত্রী মোদীয়ে কৰা ঘোষণাক উভতি ধৰি গগৈয়ে কয় যে দল-সংগঠনৰ প্রতিবাদক গুৰুত্ব নিদিয়া কার্যত প্রধানমন্ত্রী মোদীৰ দাম্ভিকতা প্রকাশ পাইছে৷ মোদীয়ে ভাৰতবর্ষৰ গণতন্ত্রক উপেক্ষা কৰিলে বুলিও গগৈয়ে অভিযোগ কৰে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন সৰৱ কৰি তোলা আছুৰ আন্দোলনো অপ্রাসংগিক হ’ব নোৱাৰে বুলি গগৈয়ে কয়৷ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াটো কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে বুলি সকীয়াই দি গগৈয়ে পুনৰ কয় যে হিন্দু বাংলাদেশীক শৰণার্থীৰ মর্যাদা দিয়ক, নাগৰিকত্ব নহয়৷ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়াৰ প্রসংগ উত্থাপন কৰি বিজেপিয়েহে এই সন্মান দিলে বুলি প্রধানমন্ত্রী মোদীয়ে কালি ৰাজহুৱাকৈ কৰা মন্তব্যৰ প্রত্যুত্তৰত গগৈয়ে আজি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক প্রত্যাহাৰ কৰিলেহে ভূপেন হাজৰিকা, চু্যকাফাৰ প্রতি প্রকৃত সন্মান দিয়া হ’ব৷

ভূপেন হাজৰিকাৰ সমাধিক্ষেত্রত বিজেপিৰ অৱদান কি আছে বুলিও গগৈয়ে প্রশ্ন উত্থাপন কৰে৷ ইফালে কালি আধাৰশিলা স্থাপন কৰা প্রকল্পসমূহৰ অধিকসংখ্যকেই কংগ্রেছ চৰকাৰৰ দিনত আবণ্টিত বুলি গগৈয়ে দাবী কৰে৷ গগৈৰ মতে ব্রহ্মপুত্রৰ ওপৰত যিমানসংখ্যক দলং আছে, সেই সকলোবোৰেই কংগ্রেছৰ অৱদান৷ এইমছৰ আধাৰশিলা এবছৰ আগতেও কৰিছিল বুলি গগৈয়ে সংবাদমেলত আঙুলিয়াই দিয়ে৷

SPONSORED