অসাৰ প্রতিপন্ন হ’ল কোটিটকীয়া গুণোৎসৱ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 26, 2019

অসাৰ প্রতিপন্ন হ’ল কোটিটকীয়া গুণোৎসৱ

গুৱাহাটী : অসাৰ প্রতিপন্ন হ’ল গুণোৎসৱ৷ গুজৰাট মডেল অনুসৰণ কৰি সোণোৱাল চৰকাৰে আৰম্ভ কৰা গুণোৎসৱ বগা হাতীত পৰিণত হ’ল৷ প্রাথমিক আৰু মাধ্যমিক পর্যায়ত শিক্ষাৰ গুণগত মান নির্ধাৰণ আৰু শৈক্ষিক পৰিৱেশৰ উত্তৰণৰ বাবে প্রয়োগ কৰা গুণোৎসৱৰ ইতিবাচক আৰু ব্যাৱহাৰিক দিশটোৰ প্রতি পিঠি দিছে খোদ ৰাজ্য চৰকাৰে৷ কিয়নো বিগত বর্ষৰ গুণোৎসৱৰ ফল আজিলৈকে শিক্ষা বিভাগে ঘোষণা নকৰিলে৷ উল্লেখযোগ্য যে ২০১৮ বর্ষৰ গুণোৎসৱ ৮ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ ১৬খন জিলাত আৰু ৩১ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ ১৭খন জিলাত দুটা পর্যায়ত সম্পন্ন হয়৷


গুণোৎসৱৰ ফল জানুৱাৰী মাহৰ ভিতৰত ঘোষণা কৰিব লাগিছিল যদিও আজিকোপতি শিক্ষা বিভাগে ঘোষণা কৰা নাই৷ চাৰি মাহ পাছতো কিয় শিক্ষা বিভাগে গুণোৎসৱৰ ফল ঘোষণা কৰা নাই তাক লৈ স্বাভাৱিকতেই প্রশ্ন উদয় হৈছে৷ নিয়ম অনুসৰি গুণোৎসৱৰ ফল বিভাটোৰ ৱেবছাইট (gunotsavassam. gov.org)ত উপলব্ধ হ’ব লাগিছিল যদিও আজিলৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই৷ কিছু ফল ৱেবছাইটত আছে যদিও সেয়া মিছা বুলি জানিব পৰা গৈছে৷ বিদ্যালয়ৰ তথ্যৰ লগত ৱেবছাইটৰ তথ্যৰ মিল নাই৷ বিগত বর্ষৰ গুণোৎসৱৰ ফল কেতিয়া ঘোষণা কৰিব, তাক লৈও কোনো নিশ্চয়তা নাই৷ প্রথমবাৰ আড়ম্বৰপূর্ণভাৱে গুণোৎসৱ আৰম্ভ কৰিছিল যদিও ৰাজ্যৰ শিক্ষা বিভাগে বিগত বর্ষত নিয়ম মাফিকহে ইয়াৰ আয়োজন কৰে৷ যাৰ বাবে ফল ঘোষণাৰ কোনো উম-ঘাম দেখিবলৈ পোৱা নাই৷ আচলতে কোটি কোটি টকা ব্যয়েৰে গুণোৎসৱৰ আয়োজন কৰিও শিক্ষাখণ্ডৰ পয়ালগা ছবিখনৰ সলনি কৰিব নোৱৰা শিক্ষা বিভাগে ব্যর্থতা ঢাকিবলৈ ২০১৮ বর্ষৰ ফল ঘোষণা কৰা নাই৷

ইফালে ২০১৭ত প্রথম অনুষ্ঠিত কৰা গুণোৎসৱৰ ফলত এ প্লাছপ্রাপ্ত বিদ্যালয়সমূহক ২৫,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছিল৷ কিন্তু শিক্ষা বিভাগে ঘোষণা কৰা অনুযায়ী সেই ধন আজিলৈকে দিয়া নাই৷ তদুপৰি ডি গ্রেড পোৱা বিদ্যালয়সমূহৰ মূল সমস্যাবোৰ যেনে– পর্যাপ্ত শিক্ষক নিযুক্তি, খোৱাপানী, বিদ্যুৎ সংযোগ, অতিৰিক্ত শ্রেণী কোঠা নির্মাণ আদি একোৱেই উপলব্ধ নহ’ল৷ বৰঞ্চ গুণোৎসৱৰ পাছত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধবংস কৰি ৰাজ্য চৰকাৰে বিদ্যালয় একত্রীকৰণতহে গুৰুত্ব আৰোপ কৰিছে৷ শিক্ষাৰ অধিকাৰ আইনক জলাঞ্জলি দি এখন এখনকৈ বিদ্যালয়ত তলা ওলোমাই দিয়া হৈছে৷ ক’বলৈ গ’লে তদানীন্তন শিক্ষা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুণোৎসৱক লৈ যি আস্ফালন কৰিছিল, সেয়া অদ্যাপি ফুটুকাৰ ফেনত পৰিণত হ’ল৷ গুণোৎসৱৰ নামত শিক্ষা বিভাগ আৰু জিলা প্রশাসনৰ একাংশ বিষয়া-কর্মচাৰীৰ জেপ গধুৰ হ’ল৷ কেৱল নাগুৰ নাকটিৰ সন্মুখীন হ’ল শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রীসকল৷ হয়তো চলিত বর্ষত ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত নহ’বও পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে শিক্ষা বিভাগৰে উচচপদস্থ বিষয়াই৷

SPONSORED