দহ বছৰ সম্পূৰ্ণ কৰিলে হােৱাটছএপে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 28, 2019

দহ বছৰ সম্পূৰ্ণ কৰিলে হােৱাটছএপে

নতুন দিল্লী : দহ বছৰত পদার্পণ কৰিলে জনপ্রিয় চেটিং এপ্লিকেচন হােৱাটছএপে। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত ফেচবুকে অধিগ্রহণ কৰা হােৱাটছএপ প্রতিষ্ঠানটোৱে যােৱা সােমবাৰে ব্লগ প’ষ্টৰ জৰিয়তে দশম বর্ষপূর্তি উদযাপন কৰে। ২০০৯ চনৰ মেছেজিং এপ্লিকেচন’ হিচাপে আইফোন আৰু এণ্ড্রয়ড ব্যৱহাৰকাৰীসকলৰ বাবে হােৱাটছএপ মুকলি কৰা হৈছিল। ব্রায়ান এক্টন আৰু জেন কউম নামৰ লােক দুজনে ঐক্যবদ্ধভাৱে হােৱাটছএপ প্রতিষ্ঠা কৰিছিল। 


ফে'চবুকত চাকৰি বিচাৰি ব্যর্থ হােৱাৰ পিচতে তেওঁলােকে এই পদক্ষেপ গ্রহণ কৰে। তেওঁলােক দুয়ােগৰাকী আছিল য়াহুৰ প্রাক্তন কর্মচাৰী। উক্ত বৰ্ষৰ শেষৰপিনে হােৱাটছএপৰ জৰিয়তে ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰাৰাে সুবিধা আগবঢ়োৱা হয়। ২০১০ চনত এই এপ্লিকেচনত ‘লােকেচন শ্বেয়াৰ'ৰ সুবিধা আগবঢ়োৱা হয়। ২০১৩ চনত হােৱাটছএপত ‘গ্রুপ মেছেজিঙৰ সুবিধাও উপলব্ধ হয়। ২০১৪ চনত ফে'চবুকে অধিগ্রহণ কৰাৰ সময়ত হােৱাটছএপৰ ব্যৱহাৰকাৰীৰ সংখ্যা আছিল প্রায় ৫০০ নিযুত। বর্তমান ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা এক বিলিয়নৰাে অধিক।

SPONSORED