বাশ্বিংটন : কাশ্মীৰ উপত্যকাত পাক আশ্রিত সন্ত্রাসবাদীয়ে চিআৰপিএফৰ কনভয়ত সংঘটিত কৰা নৰসংহাৰত ৪৪জন জোৱানে প্রাণ হেৰুওৱা ঘটনাক লৈ ভাৰত তথা বিশ্বৰ বিভিন্ন। দেশত প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে পাক অধিকৃত কাশ্মীৰ (পিঅকে)ক আমেৰিকাই আজাদ কাশ্মীৰ আখ্যা দিয়া ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য।
মার্কিন বিদেশ দপ্তৰৰ ভ্ৰমণ নির্দেশাৱলী ১৩ ফেব্ৰুৱাৰীত উল্লেখ কৰা অনুসৰি, পিঅ’কে হৈছে স্বাধীন কাশ্মীৰ। এই ঘটনাৰ পিছতে পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভত আমেৰিকাৰ স্থিতিক লৈ পুনৰ সৃষ্টি হৈছে সংকট।
এফালে, কাশ্মীৰ উপত্যকাৰ বিষয়টোক লৈ পাকিস্তান সন্ত্রাসবাদী কাণ্ডক আমেৰিকাই গৰিহণা দি আহিছে, আনফালে পিঅ'কেক স্বাধীন কাশ্মীৰ আখ্যা দি সৃষ্টি কৰিছে নতুন প্রতিক্রিয়া। লক্ষণীয়ভাৱে পিঅ’কেৰ অধীনস্থ বিভিন্ন অঞ্চলত আমেৰিকাই দেশখনৰ নাগৰিকসকলক সন্ত্রাসবাদীৰ ক্রমবর্ধমান কূটাঘাত আৰু অসামৰিক বিমানত নিৰাপত্তা নথকাৰ বাবেই ভ্ৰমণৰ ক্ষেত্ৰত সতর্ক হ’বলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু পাক অধিকৃত কাশ্মীৰক আমেৰিকাই স্বাধীন কাশ্মীৰ আখ্যা দি বিষয়টোক লৈ সৃষ্টি কৰিছে নতুন বিতর্ক।