- যােগ্য প্রত্যুত্তৰ দিম : মােদী
- নিহত জোৱানৰ কফিন কান্ধত উঠাই ল'লে ৰাজনাথ সিং
- কংগ্ৰেছসহ বিৰােধীৰ পূর্ণ সমর্থন
ব্যুৰ’ সংবাদ : কাশ্মীৰৰ পুলৱামা আক্ৰমণৰ বাবে বৃহৎ মূল্য আদায় দিব লাগিব পাকিস্তানে। সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি লৈ থকা চুবুৰীয়া ৰাষ্ট্র পাকিস্তানক এই কঠোৰ সকীয়নি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ। পুলৱামাত চিতাৰপিএফ বাহিনীক আক্রমণ কৰাৰ লেখীয়া সন্ত্রাসবাদী কার্যকলাপেৰে ভাৰতক দুর্বল কৰিব নােৱাৰিব বুলি পাকিস্তানক সকীয়নি দি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কয় যে পুলৱামাৰ আক্ৰমণৰ দায়িত্ব লােৱাসকলে বৃহৎ মূল্য আদায় দিব লাগিব আৰু সন্ত্রাসবাদীৰ সৈতে মােকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনীক ফ্রী হেণ্ড দিয়া হৈছে। নিৰাপত্তা বাহিনীক পুলৱামাৰ আক্ৰমণৰ প্রতিশােধ লােৱাৰ ক্ষেত্ৰত পূর্ণ স্বাধীনতা দিয়া বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী মােদীয়ে কয় যে সময়, স্থান আৰু কৌশল নিৰাপত্তা বাহিনীয়ে নিজেই ল’ব। ই হৈছে ভাৰতৰ নতুন নীতি। তদুপৰি পাকিস্তানক কঠোৰ ভাষাৰে সমালােচনা কৰি প্ৰধানমন্ত্রী মােদীয়ে কয়– জনতাৰ তেজ উথলি উঠিছে। আমাৰ চুবুৰীয়া দেশ, যাক আন্তর্জাতিকভাৱে অকলশৰীয়া কৰা হৈছে; তেওঁলােকে ভাবে নেকি যে এনেধৰণৰ সন্ত্রাসবাদী আক্রমণেৰে আমাক বিধ্বস্ত কৰিব! কিন্তু তেওঁলােকৰ ষড়যন্ত্র বাস্তৱ নহয়। আক্ৰমণৰ পাছতেই প্ৰতিগৰাকী ভাৰতীয় ক্ষোভিত হৈ পৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মােদীয়ে ১৩০ কোটি জনতাক নিশ্চিতি দিয়ে যে চিআৰপিএফ জোৱানৰ বলিদান অথলে যাবলৈ দিয়া নহ'ব।
উল্লেখ্য যে দিল্লীৰ পৰা বাৰাণসীলৈ দেশৰ দ্রুততম ৰেল ‘বন্দে ভাৰত এক্সপ্ৰেছ’ মুকলি কৰি প্ৰধানমন্ত্রী মােদীয়ে কালি পুলমাত সংঘটিত আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰােপ কৰি ইয়াৰ যােগ্য প্রত্যুত্তৰ দিয়া হ'ব বুলিও দেশখনক সকীয়াই দিয়ে। পুলৱামাৰ সন্ত্রাসবাদী আক্রমণক গৰিহণা দি ভাৰতৰ পক্ষত থিয় দিয়া সকলাে দেশলৈকে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্রী মােদীয়ে।।
পালাম বিমানবন্দৰত শ্বহীদৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি
দেশবাসীক ম্রিয়মাণ কৰি তােলা সন্ত্রাসবাদীৰ আত্মঘাতী আক্ৰমণত শহীদ হােৱা ৩৬জন জোৱানৰ নশ্বৰ দেহ সন্ধিয়া নতুন দিল্লীৰ পালাম বিমানবন্দৰলৈ অনা হয়। বিমানবন্দৰত শহীদ জোৱানসকলৰ নশ্বৰ দেহত প্রধানমন্ত্রী মােদীয়ে পুষ্পমালাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ধিয়া বিশেষ বিমানযােগে শ্রীনগৰৰ পৰা নতুন দিল্লীৰ পালাম বিমানবন্দৰলৈ অনা ৩৬গৰাকী জোৱানৰ নশ্বৰ দেহত প্রধানমন্ত্রীৰ উপৰি প্ৰতিৰক্ষা মন্ত্রী নির্মলা সীতাৰমণ, ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাট, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ৰাজনীতিকে বীৰ শ্বহীদক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সেনাবাহিনীৰ চি-১৭ বিমানেৰে শ্বহীদ জোৱানসকলক নতুন দিল্লীৰ পালাম বিমানবন্দৰলৈ অনাৰ পাছত বিমানবন্দৰৰ টেকনিকেল এৰিয়াত ৰখা হয়। ইয়াতেই প্রধানমন্ত্রীকে ধৰি বিশিষ্ট ব্যক্তিসকলে নশ্বৰ দেহত শেষ শ্রদ্ধা জ্ঞাপন কৰে। বিমানবন্দৰত কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকে। উল্লেখ্য যে এই বিমানবন্দৰৰ পৰাই পর্যায়ক্রমে শ্বহীদ জোৱানসকলৰ মৃতদেহ নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব।
বাড়গামত শ্বহীদ জোৱানক শ্রদ্ধাঞ্জলি ৰাজনাথ সিঙৰ, জোৱানৰ কফিন কান্ধত ল'লে সিঙে
জইচ-ই-মহম্মদ আত্মঘাতী আক্ৰমণত শ্বহীদ হােৱা জোৱানসকলক আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। শ্রীনগৰৰ বাড়গামত শ্বহীদ হােৱা জোৱানসকলৰ কফিনৰ সন্মুখত কেন্দ্রীয় গৃহমন্ত্রী সিং, জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিক, ভাৰতীয় সেনাৰ নর্ডান কমাণ্ড চীফ লেফটেনেন্ট জেনেৰেল ৰণৰীৰ সিঙৰ লগতে নিৰাপত্তা বাহিনীৰ শীর্ষ বিষয়াসকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই নতুন দিল্লীলৈ বিমানযােগে আনিবলগীয়া শ্বহীদ জোৱানসকলৰ কফিন কঢ়িওৱাত কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে সহযােগ কৰে। এগৰাকী শ্বহীদ জোৱানৰ কফিন তেওঁ নিজেই কান্ধত তুলি নি দেশমাতৃৰ হকে আত্মবলিদান দিয়া জোৱানসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। চিআৰপিএফ জোৱানৰ আত্মবলিদান দেশে কেতিয়াও নাপাহৰে। পুলরামাৰ শ্বহীদ জোৱানক শেষ শ্রদ্ধা জনালোঁ। প্রতিশ্রুতি দিলোঁ, তেওঁলােকৰ বলিদান বিফলে যায়। এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ। আজি কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিওে শ্রীনগৰত উপস্থিত হৈ ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত আলােচনা কৰাৰ পাছতেই কালি সন্ত্রাসবাদীৰ আক্ৰমণত শ্বহীদ হােৱা জোৱানক শ্রদ্ধাঞ্জলি জনাই এই মন্তব্য আগবঢ়ায়।
চুবুৰীয়া ৰাষ্ট্র পাকিস্তান আৰু চোৰাংচোৱা সংস্থা আইএছআইৰ হকে কাম কৰি থকা ৰাজ্যখনৰ নাগৰিকৰ নিৰাপত্তা পুনৰীক্ষণ কৰাৰ প্ৰসংগ উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিচ্ছিন্নতাবাদী নেতা আৰু কট্টৰপন্থী হুৰিয়ৎ কনফাৰেঞ্চৰ নেতাসকলৰ গতি-বিধি নিৰীক্ষণ কৰা হ’ব। পাকিস্তানৰ পৰা পুঁজি লৈ দেশখনৰ চোৰাংচোৱা সংস্থা আইএছআইৰ হৈ চোৰাংচোৱাগিৰি কৰি থকা এই কট্টৰপন্থী নেতাসকলৰ নিৰাপত্তা পুনৰীক্ষণ কৰা হ'ব বুলিও কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়। ৰাজ্যখনত এনে কিছুমান শক্তি আছে যিয়ে পাকিস্তান আৰু আইএছআইৰ পৰা ধন লৈ আছে।
চৰকাৰক সম্পূর্ণ সহযােগ কৰিব কংগ্ৰেছকে ধৰি বিৰােধী দলে
জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্রাসবাদীৰ ভয়াৱহ আক্রমণক তীব্ৰ ভাষাৰে গৰিহণা দি চৰকাৰক এইক্ষেত্ৰত সম্পূর্ণ সহযােগ কৰিব বুলি প্ৰকাশ কৰিছে কংগ্রেছকে ধৰি বিৰােধী দলসমূহে। ভয়াৱহ আত্মঘাতী আক্ৰমণত প্রাণ হেৰুওৱা বীৰ শ্বহীদসকলৰ বলিদানক শ্রদ্ধা জনাই নতুন দিল্লীত এখন সংবাদ মেলত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কয়— এই সময় শােক, দুখৰ আৰু শ্রদ্ধা জনােৱাৰ। আমি ভাৰত চৰকাৰ আৰু আমাৰ নিৰাপত্তা বাহিনীক সম্পূর্ণ সমর্থন জনাইছোঁ। এই সময়ত ইয়াৰ বাবে আন কোনাে আলােচনাৰ সময় নহয়। পাকিস্তানৰ সৈতে মােকাবিলা কৰিবলৈ নৰেন্দ্র মােদী নেতৃত্বাধীন এন ডি এ চৰকাৰক সম্পূর্ণ সমর্থন আগবঢ়াই ৰাহুল গান্ধীয়ে কয় যে এয়া অতি শােকাৱহ ঘটনা। আমাৰ সৈনিকৰ বিৰুদ্ধে এনেধৰণৰ হিংসা অসহ্যকৰ। আমি আমাৰ জোৱানৰ সৈতে একেলগে আছে। কোনাে শক্তিয়ে আমাৰ দেশক বিভক্ত কৰিব নােৱাৰে। প্ৰেম আৰু চেনেহেৰে গঢ় লােৱা আমাৰ দেশক কোনাে ক্ষোভে ক্ষতি কৰিব নােৱাৰে। কংগ্ৰেছৰ সংবাদ মেলখনত প্রাক্তন প্রধানমন্ত্রী ড° মনমােহন সিং আৰু জ্যেষ্ঠ নেতা গােলাম নবী আজাদো উপস্থিত থাকে। প্রাক্তন প্রধানমন্ত্রী মনমােহন সিঙে কয় | যে আজিৰ দিনটো শােকৰ দিন। আমাৰ দেশে সশস্ত্র বাহিনীৰ ৪৪জন জোৱানক হেৰুৱালে আৰু এই মূহর্তত আমাৰ গধুৰ দায়িত্ব এই যে প্রাণ হেৰুওৱা জোৱানসকলৰ পৰিয়ালৰ সৈতে থিয় দিয়া। আমি কোনাে কাৰণতেই কেতিয়াও সন্ত্রাসবাদী শক্তিৰ সৈতে আপােচ কৰা নাই। দেশৰ সকলাে ৰাজনৈতিক দলে সন্ত্রাসবাদীৰ এই ভয়াৱহ আক্রমণক একমুখে ধিক্কাৰ আৰু গৰিহণা দি এই সময়খিনিত সন্ত্রাসবাদ দমনৰ বাবে লােৱা সকলাে পদক্ষেপ ভাৰত চৰকাৰক পূর্ণ সমর্থন আগবঢ়াব বুলি প্ৰকাশ কৰে।