অস্বাস্থ্যকৰ পৰিবেশত হাউলীৰ মাংস বজাৰঃ গুৰুত্ব নাই হাউলী নগৰ সমিতিৰঃ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 4, 2019

অস্বাস্থ্যকৰ পৰিবেশত হাউলীৰ মাংস বজাৰঃ গুৰুত্ব নাই হাউলী নগৰ সমিতিৰঃ

হাউলী : বৰপেটা জিলাৰ হাউলী চহৰৰ মাংসৰ বজাৰখনে জনস্বাস্থ্যৰ প্ৰতি কঢিয়াইছে ভয়ংকৰ ভাবুকি। অতি অস্বাস্থ্যকৰ পৰিবেশত চলি আছে মাংসৰ বজাৰখন৷ হাউলী বজাৰৰ মাজত হাউলী নগৰ সমিতিয়ে নিৰ্মান কৰি দিয়া মাংসৰ বজাৰ খনত দৈনিক হেজাৰোধিক গ্ৰাহকে মাংস ক্ৰয় কৰে। মাংসৰ দোকানত ভেনভেনাই পৰি থাকে শ শ মাখি৷ 


ইপিনে মাংস বজাৰৰ সন্মুখতে আছে পৌৰ নিগমে নিৰ্মাণ কৰা এটা শৌচাগাৰ। শৌচাগাৰৰ গাতেই লাগি আছে মাংসৰো বজাৰখন৷ আনহাতে মাংস বজাৰ আৰু শৌচাগাৰৰ প্ৰবেশ দ্বাৰো প্ৰায় এখনেই। মাংস কিনিবলৈ আহিলে শৌচালয়ৰ দূৰ্গন্ধ নাকত লৈয়েই প্ৰতিজন গ্ৰাহক সোমাব লাগে মাংসৰ দোকানত। কেৱল সেয়াই নহয় মাংস বজাৰ খনৰ চাৰিওফালে গেলা পচা সামগ্ৰীৰে ভৰি পৰিছে। কি যে এক দূৰ্গন্ধময়, নৰকসদৃশ পৰিবেশ বজাৰখনৰ৷ কিন্তু চাওতা কোনো নাই৷ 


জনস্বাস্থ্যৰ বাবে অতিকে হানিকাৰক পৰিবেশত এনেদৰে মাংসৰ বজাৰএখন চলি থকাৰ পিচতো গুৰুত্ব নাই চৰকাৰী কোনো এটা বিভাগৰেই৷ আনকি এই বিষয়ে কোনো গুৰুত্ব নাই হাউলী নগৰ সমিতিৰ। মাংসৰ ব্যৱসায়ী সকলে প্ৰায় এবছৰ ধৰি হাউলী পৌৰ নিগমক এই বিষয়ে অভিযোগ দিয়া স্বত্বেও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই বুলি আভিযোগ তুলিছে ব্যৱসায়ীসকলে। এই দৃশ্য দেখাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰনৰ ব্যৱস্হা লয় সেয়াহে হব লক্ষনীয় বিষয়।

SPONSORED