গুৱাহাটী : লোক সভাৰ নির্বাচনত অগপই পুনৰ বিজেপিৰ লগত নির্বাচনী মিত্রতা কৰাৰ বাতৰি ওলোৱাৰ পাছতে অগপৰ তৃণমূলৰ বহু কর্মী অসন্তুষ্ট হৈ পৰিছে৷ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্রসংগত মিত্রজোঁটৰ পৰা ওলাই অহা অগপই পুনৰ মিত্রতালৈ উভতি যোৱাটো বিচৰা নাই অগপৰ একাংশ নেতা তথা কর্মীয়ে৷
জাতিধবংসী বিধেয়কৰ পক্ষ গ্রহণ কৰা বিজেপিৰ লগত নির্বাচনী বুজাপৰা কৰাৰ বাবে চলোৱা তৎপৰতাক মানি ল’ব নোৱৰা যোৰহাটৰ মণ্টু দত্ত নামৰ এজন কর্মীয়ে আমবাৰীৰ মুখ্য কার্যালয়ত উপস্থিত হৈ আজি দুপৰীয়া সৃষ্টি কৰা পৰিৱেশে অগপৰ তৃণমূলত সৃষ্টি হোৱা ক্ষোভৰ কথা উদঙাই দিছে৷ আজি দুপৰীয়া অগপৰ কর্মী বুলি দাবী কৰা যোৰহাটৰ মণ্ঢু৻ দত্তই আহি আমবাৰীত় উপস্থিত হৈ মুখ্য প্রৱেশ দ্বাৰত এটা তলা লগাই দিয়াত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷
তেওঁৰ অভিযোগ– অগপৰ নেতাসকলে বিজেপিৰ লগত গোপনে মিত্রতা কৰি তৃণমূলৰ কর্মীক প্রতাৰণা কৰিছে৷ তেওঁৰ মতে তৃণমূলৰ কর্মীক মিত্রতাৰ প্রসংগত অন্ধকাৰত ৰখা হৈছে৷ প্রায় আধা ঘণ্টা ধৰি মুখ্য প্রৱেশ দ্বাৰত তলা ওলোমাই দিয়াৰ সময়ত উপস্থিত থকা অগপৰ মহিলা নেত্রীসকলৰ লগত যোৰহাটৰ কর্মীজনে তর্কযুদ্ধত লিপ্ত হয়৷
অৱশেষত সেই সময়ত মুখ্য কার্যালয়ত উপস্থিত হোৱা অগপ নেতা মনোজ শইকীয়া, তুলাৰাম গগৈ , অসম যুৱ পৰিষদৰ নেতা তপন দাস আদিয়ে যোৰহাটৰ কর্মীজনক অগপৰ সভাপতি আৰু কার্যকৰী সভাপতিৰ লগত বিষয়টো আলোচনা কৰাৰ লগতে অগপই কোনো দলৰ লগত এইপর্যন্ত মিত্রতা কৰা নাই আৰু দলে প্রতিজন কর্ম়ীক বিশ্বাসত লৈহে যিকোনো সিদ্ধান্ত গ্রহণ কৰিব বুলি প্রতিশ্রুতি দিয়াতহে তেওঁ তলা খুলি দিয়ে৷ যোৰহাটৰ পৰা আহি মুখ্য কার্যালয়ৰ প্রৱেশ দ্বাৰত তলা ওলোমাই ক্ষোভ প্রকাশ কৰা মণ্টু দত্তই অগপৰ সদস্য বুলি দাবী কৰিলেও অগপৰ নেতা মনোজ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ অগপৰ সদস্য নহয়৷