নিৰ্বাচনত কেব-বিৰোধী স্থিতি গ্ৰহণ কৰিব অসমীয়া সাহিত্য সন্মিলনীয়ে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, March 31, 2019

নিৰ্বাচনত কেব-বিৰোধী স্থিতি গ্ৰহণ কৰিব অসমীয়া সাহিত্য সন্মিলনীয়ে

‘‘সাম্প্ৰতিক সময়ত অসমৰ সামাজিক-সাংস্কৃতিক পৰিৱেশ সুখজনক নহয়। ৰাইজৰ মাজত শংকা-সংশয়ৰ সৃষ্টি হৈছে। চেপা অনিশ্চয়তা আছে।’’ এই মন্তব্য অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি লোকনাথ গোস্বামীৰ। আজি নগাঁও নেহৰু যুৱ কেন্দ্ৰত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰি গোস্বামীয়ে কয়, ‘‘অসমীয়া সাহিত্য সন্মিলনীয়ে ৰাইজৰ মাজত আস্থাৰ ভাব জগাই তুলিবলৈ প্ৰয়াস কৰি আহিছে। 


সন্মিলনীৰ মূল উদ্দেশ্যটোৱেই হৈছে মানুহৰ মাজত নিশ্চয়তা-আশাবাদ গঢ়ি তোলা। সৃষ্টিশীল কামৰ মাজেৰে সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে সন্মিলনীয়ে চেষ্টা অব্যাহত ৰাখিছে আৰু এই চেষ্টা অনাগত সময়তো অব্যাহত ৰাখিব।’’ সম্প্ৰতি অসমৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্রৰ পৰা ভয়-ভাবুকিৰ অহাৰ কথা উল্লেখ কৰি গোস্বামীয়ে কয়, ‘‘অসমীয়া জাতিৰ আৱেগ- অনুভূতিৰ প্ৰতি বিভিন্ন পক্ষৰ পৰা ভয়-ভাবুকি আহিছে। আমি সকলোৱে ইয়াক প্ৰতিহত কৰিব লাগিব। ইয়াৰ বাবে অসমীয়া সাহিত্য সন্মিলনীয়ে সদা সতৰ্ক ভূমিকা পালন কৰিব।’’

সংবাদমেলত অংশ গ্ৰহণ কৰি সন্মিলনীৰ তাত্বিক নেতা ড০ দিলীপ বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ(কেব) তীব্ৰ বিৰোধ‌িতা কৰি কয়, ‘‘এই বিধেয়কখনে অসমীয়া ভাষা,সাহিত্য, সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। অস্তিত্বও বিপন্ন কৰি তুলিব। অসমীয়া সাহিত্য সন্মিলনীৰ ২০১৭ চনত ধুবুৰীত অনুষ্ঠিত অধিৱেশনতেই এই বিধেয়কখনৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সমাগত লোক সভা নিৰ্বাচনত সন্মিলনীৰ সদস্য-সমৰ্থকসকলে কেব- বিৰোধী স্থিতিত অৱস্থান কৰিব।’’ সন্মিলনীৰ ভৱিষ্যতৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি ড০ বৰাই জানিবলৈ দিয়ে যে ২০২০ চনৰ ফেব্ৰুৱাৰীত জামুগুৰিহাটত অনুষ্ঠিত হ’ব লগা অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গণ-সাহিত্য উত্সৱ পালন কৰা হ’ব। সেই উত্সৱত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ছাত্র-ছাত্রীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। তদুপৰি, এই উত্সৱৰ সময়ত কুৰিখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰা হ’ব বুলিও তেওঁ জনায়। সংবাদমেলত সন্মিলনৰ কাৰ্যকৰী সভাপতি ড০ মুকুল চক্ৰৱৰ্তী, প্ৰধান সম্পাদক মিংকু কলিতা, প্ৰাক্তন প্ৰধান সম্পাদক ড০ অনুৰাধা শৰ্মা, সন্মিলনীৰ নগাঁও জিলাৰ সভাপতি সুৰেণ বৰা উপস্থিত থাকে। ইয়াৰ পূৰ্বে নগাঁও জিলা সমিতিৰ আতিথ্যত সন্মিলনীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সন্মিলনীৰ সভাপতি লোকনাথ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

SPONSORED