ৰাজ্যিক বিজেপিত আৰম্ভ প্রার্থিত্ব -কেন্দ্রিক সংঘাত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, March 06, 2019

ৰাজ্যিক বিজেপিত আৰম্ভ প্রার্থিত্ব -কেন্দ্রিক সংঘাত

 কোনো কাৰণতে পুনৰ অগপৰ সৈতে মিত্রতা স্থাপন কৰাটোও বিচৰা নাই সোণোৱালে৷ ইয়াৰ বিপৰীতে মন্ত্রী শর্মাই অগপৰ সৈতে পুনৰ মিত্রতা স্থাপন কৰাৰ ক্ষেত্রত নৰম স্থিতি গ্রহণ কৰিছে

গুৱাহাটী : ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে প্রার্থিত্ব-কেন্দ্রিক সংঘাত৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ মাজতে প্রার্থিত্ব প্রদানক লৈ ঘটিছে মত-বিৰোধ৷ দলৰ এজন শীর্ষ নেতাই এই কথা জানিবলৈ দি প্রকাশ কৰিছে যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পচন্দৰ কেইবাজনো প্রার্থীক প্রার্থিত্ব প্রদানৰ বিৰোধিতা কৰিছে বিত্ত মন্ত্রী শর্মাই৷

আনকি বর্তমানৰ দুজনমান সাংসদকো প্রার্থিত্ব প্রদানৰ ক্ষেত্রত বাধা আৰোপ কৰিছে মন্ত্রীজনে৷ ইয়াৰ বিপৰীতে সমগ্র বিষয়টোৰ ক্ষেত্রত ধৃতৰাষ্ট্রৰ ভূমিকা গ্রহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ গুৱাহাটী, মঙলদৈ, শিলচৰ আৰু ডিফু সমষ্টিত শর্মাই নিজৰ পচন্দৰ লোকক প্রার্থিত্ব প্রদানৰ বাবে উঠি-পৰি লাগিছে বুলি জানিবলৈ দি নেতাজনে কয় যে মঙলদৈ সমষ্টিত মন্ত্রী শর্মাই তেওঁৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত জয়ন্ত মল্ল বৰুৱাক টিকট প্রদান কৰাটো বিচাৰিছে৷ ইয়াৰ বাবে আনকি তেওঁ সমষ্টিটোৰ বর্তমানৰ সাংসদ ৰমেন ডেকাক গুৱাহাটী সমষ্টিত প্রার্থিত্ব প্রদানৰ বাবে প্রস্তাৱ দিছিল৷

কিন্তু সাংসদ ডেকাই গুৱাহাটী সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব বিচৰা নাই৷ আনহাতে, তেজপুৰ সমষ্টিত বর্তমানৰ সাংসদ ৰামপ্রসাদ শর্মাক পুনৰ প্রার্থিত্ব প্রদান কৰিলে দলে উক্ত সমষ্টিটো হেৰুৱাব লাগিব বুলি স্পষ্ট কৰি দিছে৷ আনকি প্রয়োজনত উক্ত সমষ্টিটোত তেওঁ নিজে প্রতিদ্বন্দ্বিতা কৰিম বুলিও মত প্রকাশ কৰিছে৷ প্রণিধানযোগ্য যে মুখ্যমন্ত্রী সোণোৱালে বর্তমানৰ সাংসদসকলে পুনৰ প্রার্থিত্ব লাভ কৰাটো বিচাৰিছে৷

অৱশ্যে, এইক্ষেত্রত গুৱাহাটী সমষ্টিৰ কথা সুকীয়া৷ বর্তমানৰ গুৱাহাটীৰ সাংসদ বিজয়া চক্রৱর্তীক বয়সৰ বাবেই এইবাৰ দলে প্রার্থিত্ব প্রদান কৰাৰ সম্ভাৱনা একেবাৰে কম৷ মন্ত্রী শর্মাই শিলচৰত ৰাজদ্বীপ ৰায়, ডিফুত বিদ্যাছিং ইংলেং, গুৱাহাটীত কুইন ওজাক প্রার্থিত্ব প্রদানৰ বাবে নাম প্রস্তাৱ কৰিছে৷ কিন্তু মুখ্যমন্ত্রী সোণোৱালে উক্ত তিনিওটা সমষ্টিৰ বাবে প্রস্তাৱ কৰা এটা নামো সমর্থন কৰা নাই৷

ইয়াৰ বিপৰীতে তেওঁ গুৱাহাটী সমষ্টিত ৰূপম গোস্বামীক প্রার্থিত্ব লাভ কৰাত গুৰুত্ব দিছে৷ মন কৰিব লগীয়া কথা যে লখিমপুৰ সমষ্টিত বর্তমানৰ সাংসদ প্রদান বৰুৱাই, ডিব্রুগড়ত ৰামেশ্বৰ তেলীয়ে, যোৰহাটত কামাখ্যা প্রসাদ তাচাই, নগাঁৱত ৰাজেন গোহাঁয়ে প্রার্থিত্ব লাভ কৰাটো প্রায় নিশ্চিত৷ দলীয় সূত্রৰ মতে, মন্ত্রী শর্মাই নগাঁও সমষ্টিৰ পৰা ৰাজেন গোহঁাইক পুনৰ প্রার্থিত্ব প্রদানৰ ক্ষেত্রতো প্রথমে বিৰোধিতা কৰিছিল৷

তেওঁৰ মতে, ৰাজেন গোহাঁইৰ বিৰুদ্ধে বহুতো বদনাম ওলাইছে গতিকে এইবাৰ নগাঁৱত গোহাঁইৰ স্থানত ৰূপক শর্মাক প্রার্থিত্ব প্রদান কৰিব লাগে৷ অৱশ্যে, মুখ্যমন্ত্রীয়ে এই প্রস্তাৱ মানি লোৱা নাই৷ ইফালে কোনো কাৰণতে পুনৰ অগপৰ সৈতে মিত্রতা স্থাপন কৰাটোও বিচৰা নাই সোণোৱালে৷ ইয়াৰ বিপৰীতে মন্ত্রী শর্মাই অগপৰ সৈতে পুনৰ মিত্রতা স্থাপন কৰাৰ ক্ষেত্রত নৰম স্থিতি গ্রহণ কৰিছে৷

দলৰ শীর্ষ নেতাজনৰ দাবী– মন্ত্রী শর্মাই মিত্রতা হ’লে অগপক ধুবুৰী, বৰপেটা আৰু কলিয়াবৰ সমষ্টি এৰি দিয়াৰহে প্রস্তাৱ দিছে৷ এনে পৰিস্থিতিত এতিয়া প্রার্থিত্ব প্রদানক লৈ বিজেপিত আৰম্ভ হৈছে তীব্র সংঘাত৷ মুখ্যমন্ত্রীয়ে নিজৰ পচন্দৰ লোকক প্রার্থিত্ব প্রদান কৰাৰ বাবে যিদৰে চেষ্টা চলাইছে ঠিক সেইদৰেই মন্ত্রী শর্মায়ো নিজৰ পচন্দৰ ব্যক্তিক প্রার্থিত্ব দিয়াৰ চেষ্টা কৰিছে৷ যাক লৈ দলটোৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে তীব্র মত-বিৰোধৰ৷

SPONSORED