প্রহাৰ কৰি দাঁত ভাঙিলে হোমগার্ডৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, March 04, 2019

প্রহাৰ কৰি দাঁত ভাঙিলে হোমগার্ডৰ

শিৱসাগৰ : শিৱসাগৰৰ এগৰাকী শীর্ষ আৰক্ষী বিষয়াই নিজৰ আৱাসত কাম কৰা হোমগার্ডক গুৰুলা গুৰুলকৈ প্রহাৰ কৰাৰ ফলত চিকিৎসালয় পাবলগীয়া হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে৷ যি ঘটনাই সর্বত্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনহাতে, প্রহূত হোমগার্ডগৰাকীয়ে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এখন এজাহাৰ৷ আমাৰ হাতত পৰা অভিযোগ মতে, শিৱসাগৰ আৰক্ষীত এই অত্যাচাৰ চলাইছে জিলাখনৰ উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই৷


শিৱসাগৰ আৰক্ষী অধীক্ষক কার্যালয়ৰ সমীপতে থকা আৰক্ষী গেষ্ট হাউছত বসবাস কৰা সদৰ উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ আৱাসত ভাত ৰান্ধনি হিচাপে কর্মৰত আছিল অনিল পাতৰ নামৰ হোমগার্ডৰ কর্মচাৰীজন৷ শিৱসাগৰ নগৰৰ সমীপৰ বানমুখ পাতৰ গাঁৱৰ নিৱাসী অনিল পাতৰক উপ আৰক্ষী অধীক্ষকগৰাকীয়ে বিগত কিছুদিন ধৰি সৰু-সুৰা কথাতে শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল৷ প্রায় দুমাহ ধৰি কর্মৰত হোমগার্ডজনক সামান্য অজুহাততে মাৰপিট কৰি অহা শুভলক্ষ্মী দত্তই কেইদিনমানৰ পূর্বে বিচাৰিছিল এগিলাচ গৰম পানী৷ তাকে দিওঁতে কিছু পলম হোৱাৰ বাবেই শাৰীৰিকভাৱে প্রহূত হৈছিল অনিল পাতৰ৷

তেনে ধৰণৰ অজুহাতত শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈ অহা অনিল পাতৰক পৰহি শুভলক্ষ্মী দত্তই প্রহাৰ কৰাৰ ফলতেই হোমগার্ডজনে হেৰুৱাব লগা এটা আগ দাঁত৷ চৰ, ঘোচাৰ উপৰি শুভলক্ষ্মী দত্তই বেল্টেৰে প্রহাৰ কৰা বুলিও অনিল পাতৰে অভিযোগ কৰিছে৷ বিগত চাৰিদিনত নিয়মীয়াকৈ হোৱা এনে অত্যাচাৰৰ ফলত কালি চিকিৎসাধীন হ’বলগা হয় অনিল পাতৰ৷ আজি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ উন্মোক্ত শৰীৰ প্রদর্শন কৰিও অত্যাচাৰৰ চিন দেখুৱায়৷

আনহাতে, শাৰীৰিক অত্যাচাৰৰ বলি হৈ অহা অনিল পাতৰে ঘটনাৰ সম্পর্কত জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীক অৱগত কৰে যদিও তেওঁ বিষয়টো ৰিজার্ভ অফিচাৰক অৱগত কৰিবলৈ কয়৷ কিন্তু অনিল পাতৰে ৰিজার্ভ অফিচাৰক ঘটনাৰ সবিশেষ জনোৱাৰ পিছত তেওঁলোক ডাঙৰ মানুহ বুলি কৈ বিষয়টোৰ পৰা গা এৰা দিয়া বুলিও অনিল পাতৰে অভিযোগ কৰিছে৷ আজি অনিল পাতৰক বিভাগীয় দায়িত্বৰ পৰা আঁতৰাই দিয়া বুলি জানিব পৰা গৈছে৷

ইফালে শিৱসাগৰ সদৰ থানাত ঘটনাৰ সন্দর্ভত অনিল পাতৰে উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷ আমাৰ হাতত পৰা তথ্য মতে, শিৱসাগৰ আৰক্ষীৰ শীর্ষ মহলে বাতৰি লিখা সময়লৈকে গুচৰীয়া পক্ষক গোচৰ পঞ্জীয়ন নকৰিবলৈ হেঁচা অব্যাহত ৰাখিছে৷ অৱশ্যে এই সন্দর্ভত জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই দৈনিক জনমভূমিক কয় যে গুচৰীয়াৰ গোচৰ গুৰুত্বসহকাৰে লোৱা হৈছে আৰু আন গোচৰৰ দৰেই ইয়াৰো নীতিগতভাৱে তদন্ত কৰা হ’ব৷ উল্লেখযোগ্য যে আজি সংবাদ মাধ্যমৰ সন্মুখত ধনমণি নামৰ আন এগৰাকী মহিলা হোমগার্ড কর্মচাৰীয়েও শুভলক্ষ্মী দত্তৰ অত্যাচাৰৰ সন্মুখীন হোৱা বুলি মুকলিকৈ প্রকাশ কৰিছে৷

SPONSORED