কণ্টিনেটছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বাবে নির্বাচিত হেমচন্দ্র বৰাৰ ‘দিবাস্বপ্ন’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 4, 2019

কণ্টিনেটছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বাবে নির্বাচিত হেমচন্দ্র বৰাৰ ‘দিবাস্বপ্ন’

গুৱাহাটী : অসমৰ বিশিষ্ট চলচিচত্র নির্মাতা হেমচন্দ্র বৰাৰ নৱনির্মিত চুটি অসমীয়া ছবি দিবাস্বপ্ন ভেনেজুৱেলাত ২ মার্চৰ পৰা অনুষ্ঠিত ফাইভ কণ্টিনেটছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বাবে নির্বাচিত হৈছে৷ বিশ্বৰ আগশাৰীৰ এই ফিল্ম ফেষ্টিভেলত প্রদর্শনৰ বাবে নির্বাচিত দিবাস্বপ্ন নামৰ ছবিখনেই হ’ল একমাত্র ভাৰতীয় ছবি৷ আজি ভেনিজুৱেলাৰ এনজোটেইগুইত দিবাস্বপ্ন চুটি ছবিৰ শিতানত প্রদর্শিত হ’ব৷


ভেনেজুৱেলাৰ এই সন্মানীয় ফেষ্টিভেলত অসমীয়া চুটি ছবি দিবাস্বপ্নই আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাতো অংশগ্রহণ কৰিব৷ সংকল্প নামৰ ছবিখনৰ পাছত দীর্ঘদিনৰ বিৰতিৰ পাছত জলী চিনে এণ্টাৰপ্রাইজৰ বেনাৰত হেম চন্দ্র বৰাৰ দিবাস্বপ্ন বোকাখাতৰ ধনশিৰিমুখৰ পটভূমিত এটি শিশু চৰিত্রৰ মনস্তত্ত্বক লৈ নির্মাণ কৰা হৈছে৷ ছবিখনৰ চিত্রনাট্য, প্রযোজনা আৰু পৰিচালনা হেমচন্দ্র বৰাৰ৷ ছবিখনত বোকাখাত আৰু কাজিৰঙাৰ একাংশ অপেছাদাৰী শিল্পীয়ে মননশীল অভিনয় কৰিছে৷

দিবাস্বপ্নৰ কেমেৰা নৱ কুমাৰ দাস আৰু সংগীত ভগৱত প্রিতমৰ৷ ছবিখনৰ মূল শিশু চৰিত্রত মাষ্টাৰ গ্রান্তিকে অভিনয় কৰিছে৷ ভেনেজুৱেলাৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বাবে দিবাস্বপ্ন নির্বাচন হোৱাৰ বাবে উৎফুল্ল হৈ পৰিছে ছবিখনৰ সমূহ কলাকুশলী৷ উল্লেখযোগ্য যে যোৱা ১৭ ফেব্রুৱাৰীত বোকাখাতৰ নাট্যমন্দিৰত দিবাস্বপ্নৰ বিশেষ দর্শনী অনুষ্ঠিত হৈছিল৷

SPONSORED