গুৱাহাটী : তিনিটা পর্যায়ত লোক সভাৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া দিনকেইটাত সংশ্লিষ্ট জিলাসমূহত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ অহা ১১ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ১২খন জিলাৰ বাবে ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷
আজি দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি ১৮ এপ্রিলত কাছাৰ, দৰং, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কার্বি আংলং, কৰিমগঞ্জ, মৰিগাঁও, নগাঁও, নলবাৰী, ওডালগুৰি, আৰু পশ্চিম কার্বি আংলং জিলাক ৰাজহুৱা বন্ধই সামৰি ল’ব৷
তেনেদৰে, অহা ২৩ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ দিনটোত বাক৲সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, কোকৰাঝাৰ, নলবাৰী আৰু দক্ষিণ শালমাৰা জিলাক ৰাজহুৱা বন্ধই সামৰি ল’ব৷ এন আই এক্টৰ অধীনত ঘোষিত বন্ধই চৰকাৰী, বেচৰকাৰী কার্যালয়, শৈক্ষিক অনুষ্ঠান, বাণিজ্যিক প্রতিষ্ঠান, উদ্যোগ, চাহ বগিচা আদিক সামৰি ল’ব৷