কৃষকৰ বাবে আশাৰ বতৰাঃ বানপানীৰ সময়ত বা বেয়া বতৰতো শুকুৱাব পাৰিব শস্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 16, 2019

কৃষকৰ বাবে আশাৰ বতৰাঃ বানপানীৰ সময়ত বা বেয়া বতৰতো শুকুৱাব পাৰিব শস্য

হাউলীৰ পৰা আনিছুজ জামানৰ সংবাদ :
বানপানীৰ সময়ত বা বৰষুণৰ বতৰত ধান বা আন শস্যসমুহ শুকুৱাব নোৱাৰি প্ৰায়ে নষ্ট হৈ যায়৷ পিছে কৃষক সকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে কৃষি বিজ্ঞানীয়ে। কৃষি বিজ্ঞানী সকলে সাজি উলিয়াইছে ধান আৰু আন শস্য শুকোৱা এক বিশেষ প্ৰকাৰৰ যতন। এতিয়া আৰু ৰ'দ নথকাৰ বাবে ধান বা আন শস্য নষ্ট হৈ যাব নোৱাৰে৷ 


এই সম্পৰ্কে আজি বৰপেটাৰ হাউলীত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত এক প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়৷ উক্ত প্ৰদৰ্শনীত কৃষি বিজ্ঞানীসকলে প্ৰদৰ্শন কৰে শস্য শুকুওৱা যতনবিধ৷ কৃষি বিজ্ঞানীসকলে জনোৱামতে 'চোলাৰ বাবল ড্ৰায়াৰ' নামৰ এই যন্ত্রবিধেৰে কৃষক সকলে অতি কম সমৰ ভিতৰত একেলগে ১ টনলৈকে ধান বা আন শস্য শুকুৱাব পাৰিব৷ 


নামনি অসমৰ বৰপেট‍া জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ হাউলীত আজি উক্ত ধান শুকুৱা যতনবিধ প্ৰথমবাৰৰ বাবে মুকলি কৰাৰ লগতে কৃষি সম্প্ৰসাৰণ কৰ্মী আৰু প্ৰগতিশীল কৃষক সকলক প্ৰশিক্ষন প্ৰদান কৰে৷ এই অনুষ্ঠানত আন্তৰ্জাতিক জ্যষ্ঠ ধান বিশেষজ্ঞ সুৰ্য্যকান্ত খাণ্ডাই উপস্থিত থাকি প্ৰশিক্ষন প্ৰদান কৰে। কৃষি বিজ্ঞানীগৰাকীয়ে জনোৱা মতে ধান বা আন শস্য শুকুওৱা এই যতনবিধ চোলাৰ চিষ্টেমত তলিব আৰু ইয়াৰ ইন্ধন ব্যয় নাথাকে৷ যাৰ ফলত কৃষকসকল উপকৃত হব পাৰিব৷

SPONSORED