ইউ পি এছ চিত উজলিল অসমৰ ১৩ গৰাকী মেধাৱী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, April 07, 2019

ইউ পি এছ চিত উজলিল অসমৰ ১৩ গৰাকী মেধাৱী

নতুন দিল্লী : কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল অসমৰ কেইবাগৰাকীয়ো মেধাৱী৷ উত্তীর্ণ ৭৫৯গৰাকী পৰীক্ষার্থীৰ মাজত অসমৰ ১৩জনে স্থান পাবলৈ সক্ষম হয়৷ দশম স্থান লাভ কৰি উত্তীর্ণ হৈছে তন্ময় বশিষ্ঠ শর্মা৷ ১০৩ নং স্থান লাভ কৰিছে মৃগাংক শেখৰ শর্মাই৷


সেইদৰে ১৩০ নং স্থানত ৰঞ্জিতা শর্মা, ১৪৫ নং স্থানত নমিতা শর্মা, ১৬৬ নং স্থানত দীপাংকৰ চৌধুৰী, ১৭০ নং স্থানত গৰিমা গার্গ, ২০০ নং স্থানত ঋষভ শর্মা, ২৮৭ নং স্থানত আৰণ্যক শইকীয়া, ৪২৯ নং স্থানত ফৌৰমান ব্রহ্ম, ৫২৫ নং স্থানত অভিষেক গোস্বামী, ৬৪৫ নং স্থানত তাপস বসুমতাৰী, ৬৫৬ নং স্থানত সৌৰভ শর্মা আৰু ৭০৮ নং স্থান দখল কৰিছে দীক্ষা লাংথাছাই৷ উল্লেখযোগ্য যে উত্তীর্ণ হোৱা ৭৫৯গৰাকী পৰীক্ষার্থীৰ ভিতৰত শীর্ষ স্থান লাভ কৰিছে কনিষ্ক কাটাৰিয়াই৷

আনহাতে, মহিলাৰ ভিতৰত সবোর্চচ স্থান অধিকাৰ কৰে শ্রুষ্ঠি জয়ন্ত দেশমুখে৷ তেওঁৰ সামগ্রিকভাৱে স্থান হ’ল পঞ্চম৷ অসামৰিক সেৱাত প্রথম দহটা স্থান পোৱা আনকেইগৰাকী পৰীক্ষার্থী হ’ল ক্রমে দ্বিতীয় অক্ষত জৈন, তৃতীয় জুনেইড আহমেদ, চতুর্থ শ্রেয়ংশ কুমাত, ষষ্ঠ শুভম গুপ্তা, সপ্তম কৰণাতি বৰুণ ৰেড্ডী, অষ্টম বৈশালী সিং আৰু নৱম স্থান লাভ কৰে গুঞ্জন দ্বিৱেদীয়ে৷

কোকৰাঝাৰৰ শিক্ষা বিষয়াৰ পুত্র ফৌৰমানৰ কৃতিত্ব: কোকৰাঝাৰ: ইউ পি এছ চি পৰীক্ষাত দেশৰ ভিতৰতে ৪২৯ আৰু ৬৪৫ নম্বৰ ৰেংকেৰে বড়ো জনগোষ্ঠীৰ ফৌৰমান ব্রহ্ম আৰু তাপস বসুমতাৰীয়ে সাফল্য অর্জন কৰাত আনন্দৰ বন্যা বয় সমগ্র বি টি এ ডিত৷ দুয়ো দুর্গাপুৰ এন আই টিৰ ছাত্র আছিল৷ ইয়াৰে ৪২৯ ৰেংকত সুনাম কঢ়িওৱা ফৌৰমান ব্রহ্ম হ’ল কোকৰাঝাৰ চহৰৰ নিৱাসী বি টি চিৰ শিক্ষা বিভাগৰ বিষয়া ডনেশ্বৰ ব্রহ্ম আৰু মাতৃ ভগীৰথী ব্রহ্মৰ পুত্র৷ অৱশ্যে বাতৰি লিখা পৰলৈ সুখ্যাতি লভা আনজন তাপস বসুমতাৰী গুৱাহাটীৰ বৰঝাৰ ৰাণীৰ নিৱাসী বুলি জনা গৈছে৷

SPONSORED