আমছুৰ শ্বহীদ দিৱসত শ্বহীদসকলক শ্ৰদ্বাৰে শুৱৰিছোঁ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 26, 2019

আমছুৰ শ্বহীদ দিৱসত শ্বহীদসকলক শ্ৰদ্বাৰে শুৱৰিছোঁ

# হাছিনা আহমেদ
আজি আমছুৰ ৩৯তম শ্বহীদ দিৱসত আমি সকলো শ্বহীদক শ্ৰদ্ধাৰে শুৱৰিছোঁ। ১৯৮০ চনৰ ২৬ মে'ৰ সেই দিনটোৱেই আছিল স্বাধীনতাৰ পাছত প্ৰথমটো আন্দোলন অসমৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ। আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হৈছিল। 


ইয়াৰ উদ্দেশ্য আছিল সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলা উৎপীড়ন, হত্যা, হিংসা বন্ধ কৰাৰ বাবে ১৫ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা। অসমৰ প্ৰতিখন জিলাত এছডিচি আৰু উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে উলিওৱা হৈছিল প্ৰতিবাদী সমদল। সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে ওলাই আহিছিল সকলো ৰাইজ। এই প্ৰতিবাদী কন্ঠ ৰূদ্ধ কৰাৰ বাবে চৰকাৰী পক্ষই প্ৰথমে লাঠী চালনা আৰু পিছত ধাৰাসাৰে গুলীবৰ্ষণ কৰিছিল। ফলত বহুলোক ঢলি পৰিছিল ৰাজপথত, আৰক্ষীৰ গুলী বুকুত লৈ শ্বহীদ হৈছিল কেইবাজনো প্ৰতিবাদী যুৱক। সেইদিনাই আৰক্ষীৰ এটা বুলেটে সোঁহাতত আঘাত কৰিছিল লেংটিছিঙাৰ ডুমেৰগুৰীৰ মাজম আলী ডাঙৰীয়াক।ফলত ৩৫ বছৰীয়া ডেকাগৰাকীয়ে সোহাতখন হেৰুৱাই চিৰদিনৰ বাবে ঘূণীয়া হৈছিল আলী ডাঙৰীয়াই। 

১৯৪৫ চনত লেংটিছিঙাৰ ডুমেৰগুৰীৰ জন্ম গ্ৰহণ কৰা মাজম আলীয়ে ৭৩ বছৰ বয়সত দৰিদ্ৰতাক বুকুত সাবটি চিৰদিনৰ বাবে বিদায় ললে। আমছুৰ প্ৰত্যেকখন অধিবেশনত যিখিনি দান বৰঙণি প্ৰদান কৰা হৈছিল সেয়া তেখেতৰ বাবে হয়তো যথেষ্ট নাছিল কিন্তু কোনো সংখ্যালঘু নেতাই কেতিয়াও তেওঁক মনত কৰা নাই বা সহায়ৰ হাত আগবঢ়োৱা নাই বুলি এতিয়াও সংখ্যালঘু সম্প্ৰদায়ৰ সচেতন ব্যক্তি সকলে আক্ষেপ কৰে। 

১৯৮০ চনত যিসময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী আৰু অসমৰ মুখ্যমন্ত্ৰী আছিল চৈয়দা আনোৱাৰা টাইমূৰ, সেইসময়ত নেলী, বোকাজান গহপুৰ, মুকালমুৱাকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলিছিল অত্যাচাৰ আৰু হত্যা। উক্ত দিনাই বহুলোক শ্বহীদ হল সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ওলাই আহি। আজিৰ এই পবিত্ৰ দিনত সকলো শ্বহীদকে আমি আমছুৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ, মহান সৃষ্টিকৰ্তাই তেখেতসকলক বেহেস্তবাসী কৰক।।

ৰামপুৰ, নলবাৰী
9706809779

SPONSORED