উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত তিনিটা স্থান দখল কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ তিনি ছাত্ৰই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, May 26, 2019

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত তিনিটা স্থান দখল কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ তিনি ছাত্ৰই

তিতাবৰ : তিতাবৰত এতিয়া এক উৎসৱ মুখৰ পৰিবেশ। তিতাবৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ তিনি গৰাকীকৈ ছাত্ৰই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত তিনিটাকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে। কলা শাখাত দুজনকৈ ছাত্ৰ ক্ৰমে কৌশিক কছাৰীয়ে ৪৭৫ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু অংশুমান গগৈয়ে ৪৬৬নম্বৰ লাভ কৰি কলা শাখাত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 


বিজ্ঞান শাখাত সৰ্বমুঠ ৪৭২নম্বৰ লাভ কৰি ইমদাদুল হুছেইনে ষষ্ঠম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ কেইজনৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক- শিক্ষয়েত্ৰীসকল। উল্লেখযোগ্য যে স্থান দখল ধাৰাবাহিকতা অব্যাহত ৰাখিছে প্ৰাগজ্যোতিকাই, আৰু এই স্থান দখলৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ কৃতিত্ব দিলে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষক প্ৰাগজ্যোতিকাৰ সঞ্চালক অচ্যুতদ্বীপ শইকীয়াই।

SPONSORED