হিমালয় গ্ৰীন এৱাৰ্ড-২০১৯ৰ বাবে নিৰ্বাচিত নৰ্থ ইষ্ট'ৰ একমাত্ৰ হাছিনা আহমেদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 11, 2019

হিমালয় গ্ৰীন এৱাৰ্ড-২০১৯ৰ বাবে নিৰ্বাচিত নৰ্থ ইষ্ট'ৰ একমাত্ৰ হাছিনা আহমেদ

গুৱাহাটী : সম্প্ৰতি হিমালয় ৱেলফেয়াৰ অৰগেনাইজেচনৰ "হিমালয় গ্ৰীণ এৱাৰ্ড ২০১৯"ৰ বাবে নৰ্থ ইষ্টৰ পৰা "কমিউনিটি ডেভেলপমেন্ট কেটেগৰীত" নিৰ্বাচিত হৈছে নলবাৰী জিলাৰ লাৰকুচি গাঁও নিবাসী শিক্ষক ফুলচান্দ আলী আৰু মাতৃ হাজেৰা বেগমৰ কন্যা তথা প্ৰাক্তন সাংবাদিক, হিউমেনিটি কনচাৰ্ণ এন জি অ' আৰু আমছুৰ কেন্দ্ৰীয় সাংগঠণিক সম্পাদিকা হাছিনা আহমেদে। অহা ১৬ জুনত কাশ্মীৰৰৰ পেহেলগামত প্ৰদান কৰা হ'ব এই এৱাৰ্ড। 


উল্লেখ্য যে, ভাৰতবৰ্ষৰ মুঠ ৩০ গৰাকী লোকক বিভিন্ন শিতানত এই এৱাৰ্ড প্ৰদান কৰা হ'ব। ৭ জুনৰ সন্ধিয়া হাছিনাই পোৱা পত্ৰ অনুসৰি নৰ্থ ইষ্টৰ ভিতৰত একমাত্ৰ হাছিনা আহমেদেই উক্ত বঁটাৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যদিও দুৰ্ভাগ্যবসত বিশেষ কৰ্ম ব্যস্ততাৰ বাবে অহা ১৬ জুনত উক্ত অনুষ্ঠানটিত হাছিনাই উপস্থিত থাকিব নোৱাৰিব। সেয়ে অহা জুলাই মাহত গৈ উক্ত এৱাৰ্ডটো গ্ৰহণ কৰিব বুলি হাছিনা আহমেদে জানিবলৈ দিছে। সম্প্ৰতি হাছিনাৰ এই কৃতীত্বৰ সংবাদে স্থানীয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত আনন্দ-উল্লাসে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

SPONSORED