ষাঠিৰোৰ্ধৰ এজন CEO অৱসৰ লোৱাৰ আগে আগে তেওঁৰ স্বনামধন্য কোম্পানীৰ উত্তৰাধিকাৰ হিচাপে এজন সৎ আৰু যোগ্য CEO নির্বাচন কৰিব বিচাৰিলে। কিন্তু চিৰাচৰিত নিয়মৰে তেওঁ তেওঁৰ পৰিচালক সকল বা নিজৰ ল’ৰা-ছোৱালীৰ মাজৰ পৰা কাকো উত্তৰাধিকাৰী নবনাই ভিন্নধর্মী কিবা এটা কৰাৰ কথা চিন্তা কৰিলে।
সেয়ে এদিন সকলো এক্সিকিউটিভক ক’লে, “মই সিদ্ধান্ত লৈছোঁ আপোনালোকৰ মাজৰ পৰা এজনক পৰৱর্তী CEO নিয়োগ কৰিম।” কথাটো শুনি সকলোৱেই হতবাক! কিন্তু ভিতৰি ভিতৰি আনন্দিতও হল। কোম্পানীৰ CEO হোৱাৰ সপোন দেখা পাই আটাইৰে মন উৎফুল্লিত হৈ পৰিল। এইবাৰ বৃদ্ধ CEOজনে ক’বলৈ ধৰিলে "মই আপোনালোক প্রত্যেককে এটিকৈ ‘বীজ’ দিম। এই বীজটো আপোনালোকে টাবত ৰোপণ কৰিব, পানী দিব, যত্ন কৰিব আৰু ঠিক এবছৰ পাছত সেয়া মোৰ ওচৰত লৈ আহিব। মই তেতিয়া সেই বীজৰ পৰা গজি উঠা গছপুলি চাই বিচাৰ কৰিম কোন হব পৰৱর্তী CEO ।”
কোম্পানীটোত অলিভাৰ নামৰ এজন কৰ্মচাৰী আছিল ৷ তেৱোঁ আনসকলৰ দৰেই বীজটো লৈ ঘৰলৈ গ’ল। তেওঁৰ স্ত্রীয়ে এটা টাব, মাটি মাটি আৰু সাৰ জোগাৰ কৰিলে আৰু সেই টাবত অলিভাৰে বীজটো ৰোপণ কৰিলে। প্রতিদিনে তেওঁ বীজটোৰ বৰ যত্ন কৰিবলৈ ললে। নিয়মিত পানীও দি থাকিল। প্ৰায় তিনি সপ্তাহমান পাছত তেওঁৰ সহকর্মীসকলে এজনে অানজনৰ লগত তেওঁলোকে ৰোপণ কৰা বীজটোৰ পৰা বাঢ়ি উঠা গছপুলি সম্পর্কে কোৱাকুই কৰিবলৈ ল’লে ৷ কিন্তু হায় ! অলিভাৰৰ বীজটোৰ পৰাতো একোৱেই জন্মা নাই দেখোন। এনেকৈয়ে তিনি সপ্তাহ, চাৰি সপ্তাহ কৰি পাঁচ সপ্তাহ পাৰ হৈ গ’ল। অলিভাৰ নিজকে ব্যর্থ বুলি ভাৱিবলৈ আৰম্ভ কৰিলে। তেওঁ নিজে নিজেই ক’বলৈ ধৰিলে, “মই ছাগে ৰোপণৰ সময়তে বীজটো নষ্ট কৰি পেলাইছোঁ।” তেওঁ তেওঁৰ সহকর্মীসকলৰ লগত লাজতে এই বিষয়ে কোনো কথা নক’লে।
অৱশেষত বছৰ পাৰ হ’ল। কোম্পানীৰ সকলো এক্সিকিউটিভ তেওঁলোকৰ বাঢ়ি উঠা গছপুলিটো তেওঁলোকৰ CEOৰ কাষলৈ লৈ গ’ল। ইপিনে এই খালী টাব লৈ অলিভাৰৰ পক্ষে অফিচলৈ যােৱা সম্ভব নহয় বুলি ভাৱিলে। কিন্তু তেওঁৰ স্ত্রীয়ে তেওঁক যি ঘটিছে সেই বিষয়ে সৎ থকাৰ পৰামর্শ দিলে আৰু যি সঁচা সেয়াই তেওঁৰ CEO ক কবলৈ দিলে। তেওঁ আজি খুবেই লাজ পাব – এই দুশ্চিন্তাত অলিভাৰ অসুস্থবোধ কৰিবলৈ ল’লে। কিন্তু তেওঁ এয়াও জানে যে তেওঁৰ স্ত্রীয়ে ঠিক কথাই কৈছে ।
অৱশেষত তেওঁ তেওঁৰ খালী টাব লৈ বোর্ডৰুমত প্ৰৱেশ কৰি দেখিলে সকলোৰে টাবত সুন্দৰ সুন্দৰ গছপুলি ৷ অলিভাৰে তেওঁৰ টাবটোও ৰুমটোৰ মজিয়াত ৰাখিলে। বহুতেই সেয়া দেখা পাই হাঁহি ঠাট্টা কৰিবলৈ ধৰিলে, কোনো কোনোৱে আকৌ দুঃখ প্রকাশো কৰিলে। কিছুসময় পাছতে CEO ৰুমলৈ সোমাই আহিল আৰু আটাইকে শুভেচ্ছা জনাই গোটেই ৰুমটো পৰিদর্শন কৰিলে। “ও মাই গড, আপোনালোকে ক সুন্দৰ গছপুলি আৰু ফুল জন্মাইছে!” হঠাৎ তেওঁৰ চকু পৰিলেগৈ অলিভাৰৰ পিনে। অলিভাৰে লাজতে পিছপিনে কৰবাত নিজৰ মুখখন লুকোৱাৰ চেষ্টা কৰিলে ৷ CEOই তেওঁক আগুৱাই আহিবলৈ ক’লে ৷
অলিভাৰ বৰকৈ ভীতিগ্ৰস্থ হৈ পৰিল ৷ নির্ঘাত সি আজি তাৰ চাকৰিটো হেৰুৱাব। CEO জনে সুধিলে “কি হ’ল মিঃ অলিভাৰ, আপোনাৰ বীজটোৰ কি হৈছে ?” অলিভাৰে তেওঁক সমস্ত ঘটনাটো খুলি ক’লে। CEOই আটাইকে বহিবলৈ ক’লে, মাথো অলিভাৰক থিয় হৈ থাকিবলৈ দিলে ৷ তেওঁ অলিভাৰৰ পিনে চাই ক’লে, "সকলোৱে আমাৰ নতুন CEO জনক ভালকৈ চাওঁক, তেওঁৰ নাম অলিভাৰ ৷" অলিভাৰে নিজৰ কাণদুখনকে বিশ্বাস কৰিব নোৱাৰিলে ৷ সিতো কোনো গছপুলি জন্মই দিব নোৱাৰিলে ৷ হলৰ ভিতৰত গুঞ্জন আৰম্ভ হ’ল “ সি কেনেকৈ CEO হ’ল ?” তেতিয়া CEOই ক’লে, “এক বছৰ আগতে মই প্রত্যেককে যিটো বীজ দিছিলোঁ তাৰে আটাইবোৰ আছিল মৃত। কাৰণ সেইবোৰ আছিল সিজোৱা বীজ। সেয়ে তাৰ পৰা কোনো পুলি অঙ্কুৰিত নোহোৱা দেখি হতাশ হৈ আপোনালোকে মই দিয়া বীজটো পেলাই দি নতুন বীজ ৰোপণ কৰিছিল ৷ কেৱলমাত্র অলিভাৰে সাহস আৰু সততাৰে সৈতে খালী টাব লৈ আহিছে য’ত মই দিয়া বীজটোৱেই আছে ৷ তেওঁৰ এই সততাৰ পুৰস্কাৰ হিচাপে তেওঁক এই কোম্পানীৰ CEO পদ দান কৰিলোঁ ৷ গতিকে আটায়ে হাততালিৰে তেওঁক অভিনন্দিত কৰক।”
মনত ৰাখিব, “যদি আপুনি সততা ৰোপণ কৰে, তেনেহ’লে বিশ্বাসযোগ্যতা অর্জন কৰিব পাৰিব, যদি সৎগুণ ৰোপণ কৰে, তেন্তে ভাল বন্ধুত্ব অর্জন কৰিব পাৰিব, যদি কঠোৰ শ্রম ৰোপণ কৰে, তেন্তে সাফল্য অর্জন কৰিব পাৰিব, যদি সুবিবেচনা ৰোপণ কৰে, তেন্তে আপুনি যৌক্তিক দৃষ্টিভঙ্গী অর্জন কৰিব পাৰিব ৷" সেয়ে আপুনি কি ৰোপণ কৰিছে সেই বিষয়ে সতর্ক থাকক, কাৰণ সেইটোৱে নির্ধাৰণ কৰিব ভবিষ্যতে আপুনি কি অর্জন কৰিব। জীৱনক আপুনি যি দিব, জীৱনে আপোনাক সেয়াই উভতাই দিব।