পঞ্চভূতত বিলীন হ’ল অৰুণ জেটলীৰ নশ্বৰদেহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 25, 2019

পঞ্চভূতত বিলীন হ’ল অৰুণ জেটলীৰ নশ্বৰদেহ

নিগম বোধ ঘাটত কৰা হয় জেটলীৰ অন্তিম সংস্কাৰ। অৰুণ জেটলীৰ পুত্ৰ ৰোহনে কৰিলে পিতৃৰ মুখাগ্নি

নতুন দিল্লী : পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মন্ত্ৰী অৰুণ জেটলীৰ নশ্বৰদেহ। নিগম বোধ ঘাটত কৰা হয় জেটলীৰ অন্তিম সংস্কাৰ। অৰুণ জেটলীৰ পুত্ৰ ৰোহনে কৰিলে পিতৃৰ মুখাগ্নি। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত থাকে বিজেপিৰ প্ৰায়সংখ্যক নেতা। অন্তিম সংস্কাৰৰ পূৰ্বে জেটলীৰ পাৰ্থিৱ শৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰখা হৈছিল। অৰুণ জেটলীৰ পাৰ্থিৱ শৰীৰ সেনাৰ বাহনেৰে ৰাজকীয় সন্মানেৰে বিজেপিৰ কাৰ্যালয়লৈ অনা হৈছিল।


উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা জেটলীয়ে শনিবাৰে পুৱা দিল্লীৰ এইম্ছত ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। শ্বাস–প্ৰশ্বাসৰ সমস্যাত ভোগা জেটলীক ৯ আগষ্টত ভৰ্তি কৰোৱা হৈছিল এইম্ছত। স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত জেটলীক লাইভ ছাপ’ৰ্ট ছিষ্টেমত ৰাখিবলগীয়া হৈছিল।

SPONSORED