ধোৱাচাঙত মডেল বিটিচি : এশ এবুৰি সমস্যাৰে ভাৰাক্রান্ত বি টি চি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 26, 2019

ধোৱাচাঙত মডেল বিটিচি : এশ এবুৰি সমস্যাৰে ভাৰাক্রান্ত বি টি চি

কোকৰাঝাৰ : বি টি চিৰ মুৰববী হাগ্রামা মহিলাৰীয়ে যি সময়ত মডেল বি টি চি গঢ়াৰ সপোন দেখিছে, সভাই-সমিতিয়ে ৰাস্তা-ঘাট, চিকিৎসা, কৃষি আৰু শিক্ষা উন্নয়নৰ জয়গান গাই আছে, সেই সময়তে এশ এবুৰি সমস্যাৰে যেন ভাৰাক্রান্ত হৈ পৰিছে বি টি চি৷ তেনে এটা বিভাগ হৈছে মার্কেট এণ্ড ফেয়াৰ বিভাগ৷


বি টি চিৰ অন্তর্গত কোকৰাঝাৰ, চিৰাং, বাক৲সা আৰু ওদালগুৰি জিলাত ৫০০ৰো অধিক সৰু-বৰ দৈনিক, সাপ্তাহিক, অর্ধ-সাপ্তাহিক বজাৰ আছে৷ এই বজাৰৰ পৰা প্রত্যেক বছৰে নিবিদাৰ জৰিয়তে কোটি কোটি টকা সংগ্রহ কৰি আহিছে যদিও আজিও বজাৰৰ উন্নয়ন হোৱা পৰিলক্ষিত হোৱা নাই৷ বজাৰত নতুনকৈ ঘৰ নির্মাণ কৰাৰ কথা বাদেই, পুৰণা ঘৰসমূহৰো মেৰামতি নাই৷

নাই পদপথ, নলা, বিশুদ্ধ খোৱা পানী, শৌচাগাৰ, প্রস্রাৱগাৰ আদিৰ ব্যৱস্থা৷ অথচ এই বিভাগটোৰ জৰিয়তে ৫০০তকৈ অধিক সৰু-বৰ দৈনিক, সাপ্তাহিক, অর্ধ-সাপ্তাহিক বজাৰৰ পৰা নিবিদাৰ জৰিয়তে প্রত্যেক বছৰে কোটি কোটি টকা সংগ্রহ কৰি আহিছে৷ প্রাপ্ত তথ্য মতে, নিবিদাৰ ধনৰ এটা অংশ স্থানীয় খণ্ড উন্নয়ন বিষয়ালৈ প্রেৰণ কৰিব লাগে যদিও আজি ছবছৰে বিভাগৰ ই এম অলিন্দ্র মুছাহাৰীয়ে সকলোবোৰ হাতৰ মুঠিত ৰাখি এটা টকাও স্থানীয় উন্নয়ন খণ্ড বিষয়াক দিয়া নাই৷

যাৰ ফলত বি টি চিৰ অন্তর্গত কোনো খণ্ড উন্নয়ন বিষয়াই কার্যালয়ৰ অন্তর্গত এখন বজাৰৰো উন্নয়ন কৰিব পৰা নাই৷ ফলত আজি বি টি চি এলেকাৰ চাৰিখন জিলাৰ এখনো বজাৰৰ উন্নয়ন হোৱা নাই৷ এজাক বৰষুণ দিলেই একাঁঠু বোকা-পানীয়ে গ্রাহক, ব্যৱসায়ীসকলে হাৰাশাস্তি ভুগি আহিছে৷ প্রাপ্ত তথ্য মতে, মার্কেট এণ্ড ফেয়াৰ বিভাগৰ কার্যবাহী সদস্য তথা ই এম অলিন্দ্র মুছাহাৰীয়ে বজাৰৰ উন্নয়নৰ নামত নিজৰ অঙহী-বঙহীৰ দালাল তথা কেইজনমান ঠিকাদাৰৰ সহযোগত বজাৰত কেইটামান ডাষ্টবিন দিয়াৰ উপৰি ব্লিছিং পাউদাৰ ছটিয়াই কোটি কোটি টকা আত্মসাৎ কৰিছে৷

অতি নিম্নমানৰ ডাষ্টবিন যদি এশটা দিছে, বিষয়াৰ পৰা লিখি লৈছে এহাজাৰ বুলি৷ ব্লিছিং পাউদাৰ যদি এক কুইণ্টল দিছে লিখি লৈছে বিশ কুইণ্টল৷ এনেকৈয়ে যোৱা ছবছৰে বি টি চিৰ কোটি কোটি ধন আত্মসাৎ কৰিছে ই এমৰ সহযোগত ঠিকাদাৰসকলে৷ অকল এয়াই নহয় তেনে বহু বিভাগ আছে য’ত বি টি চি চৰকাৰে বহু লাখ টকা দিছে যদিও ৰাইজে কিন্তু উন্নয়ন দেখিবলৈ পোৱা নাই৷ তেনে কেইটামান বিভাগ হৈছে কৃষি, জলসিঞ্চন, পুথিভঁৰাল আৰু জলসম্পদ বিভাগ৷

SPONSORED