পশ্চিম গুৱাহাটীত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 7, 2019

পশ্চিম গুৱাহাটীত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ

বিশিষ্ট ব্যৱসায়ী প্ৰবোধ ভট্টৰ নেতৃত্বত প্ৰিন্স নাথসহ এশ গৰাকী লোকৰ বিজেপিত যোগদান
লালগণেশঃ বিনামূলীয়াকৈ অৰ্থাৎ মিছকলৰ মাধ্যমেৰে মোবাইলৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান৷ তাৰে অংশ হিচাপে পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গুৱাহাটী মণ্ডল তথা লালগণেশৰ সমীপত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ 


উক্ত অনুষ্ঠানত মহানগৰীৰ বিশিষ্ট ব্যৱসায়ী প্ৰবোধ ভট্টৰ নেতৃত্বত প্ৰিন্স নাথসহ এশ গৰাকী লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ এই যোগদান কাৰ্যসূচীত বিজেপিৰ পশ্চিম গুৱাহাটী মণ্ডলৰ সভাপতি শান্তিৰাম ডেকা, মণ্ডল প্ৰমূখ জগদীশ চন্দ্ৰ দাস, মণ্ডল সহ প্ৰমূখ চম্পক সাহা, বৰগোপাল মণ্ডল, দীপ্তিৰেখা দাসে অংশ গ্ৰহণ কৰাৰ লগতে দুই শতাধিক বিজেপি দলৰ নোতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰিয়েই প্ৰবোধ ভট্টই এই বুলি কয় যে— দলৰ নীতি নিয়মৰ মাজেৰে দলৰ হৈ নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ তেওঁ বদ্ধপৰিকৰ৷


SPONSORED