তিনিচুকীয়া : নৱৰত্ন স্বীকৃতিপ্রাপ্ত দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ আটাইতকৈ পুৰণি ডিগবৈ তৈলক্ষেত্র ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাটো নিশ্চিত হৈ পৰিছে৷ কালি উদ্যোগ প্রতিষ্ঠানটোৰ ৬০সংখ্যক বার্ষিক সাধাৰণ সভাৰ পাছত আহবান কৰা এখন সংবাদমেলত বিষয়টোৰ সন্দর্ভত অধ্যক্ষ উৎপল বড়াই সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত ইতিমধ্যে অইলৰ ডিগবৈ তৈলক্ষেত্র আৰু ৰাজস্থানৰ বাগ্গীবিতা তৈলক্ষেত্রৰ এনহেন্সমেণ্ট কণ্ট্রেক্টৰ বাবে নিবিদা প্রক্রিয়া আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে৷
অধ্যক্ষৰ লগতে সংবাদমেলত উপস্থিত থকা অভিযান শাখাৰ সঞ্চালক প্রমোদ কুমাৰ শর্মাই জানিবলৈ দিয়া মতে অহা ডিচেম্বৰ মাহত এই নিবিদাৰ প্রক্রিয়া সম্পূর্ণ হ’ব৷ মন কৰিবলগীয়া যে ডিগবৈ তৈলক্ষেত্র ব্যক্তিগতকৰণৰ বাতৰি প্রকাশ পোৱাৰ পাছতে বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী ৰাজনৈতিক দল কংগ্রেছে এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছিল৷
কিন্তু কেন্দ্রীয় চৰকাৰৰ পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্র্যালয়ে প্রতিবাদক উলাই কৰি এই নিবিদা প্রক্রিয়া সম্পূর্ণ কৰিবলৈ উদ্যোগ প্রতিষ্ঠানটোক নির্দেশ জাৰি কৰিছে৷ শেহতীয়াকৈ প্রাপ্ত তথ্য অনুসৰি বিগত ১ মার্চত কেন্দ্রীয় চৰকাৰৰ পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্র্যালয়ৰ অন্বেষণ বিভাগে অইল ইণ্ডিয়া লিমিটেড আৰু অইল এণ্ড নেচাৰেল গেছ কর্প’ৰেশ্যনৰ (অ’ এন জি চি) অধ্যক্ষ তথা পৰিচালন সঞ্চালকলৈ এক নির্দেশনা-পত্র প্রেৰণ কৰিছিল৷
পত্রখনত কেবিনেটে গ্রহণ কৰা (ৰিফর্ম অব৲ এক্সপ্ল’ৰেশ্যন এণ্ড লাইচেঞ্চিং পলিচি ফৰ এনহেন্সিং ডমেষ্টিক এক্সপ্ল’ৰেশ্যন এণ্ড প্রডাকচন অব৲ অইল এণ্ড গেছ) মুঠ ৬৯খন তৈলক্ষেত্রৰ এনহেন্সমেণ্ট কণ্ট্রেক্ট প্রদানৰ সিদ্ধান্ত কার্যকৰী কৰিবলৈ দুয়োটা প্রতিষ্ঠানৰ মুৰববীদ্বয়ক নির্দেশ জাৰি কৰিছিল৷ সংবাদমেলত অইলৰ অধ্যক্ষ প্রমুখ্যে সঞ্চালক মণ্ডলীয়ে ব্যক্ত কৰা মতে এনহেন্সমেণ্ট কণ্ট্রেক্ট প্রদান কৰিলেও এই তৈলক্ষেত্রসমূহৰ মালিকীস্বত্ব অইল বা অ’ এন জি চিৰ হাতত থাকিব৷ কণ্ট্রেক্ট লাভ কৰা প্রতিষ্ঠানটোৱে স্বত্বাধিকাৰী প্রতিষ্ঠানটোৰ বর্তমান উৎপাদনৰ পৰিমাণতকৈ অধিক উৎপাদন কৰিব লাগিব৷
পূর্বৰ উৎপাদনতকৈ কৰা অধিক উৎপাদনৰ অংশৰ ৫০ শতাংশ স্বত্বাধিকাৰী প্রতিষ্ঠানটোক দিব লাগিব৷ বর্তমান ডিগবৈ তৈলক্ষেত্রৰ পৰা অইলে প্রতিদিনে বিশ কিল’লিটাৰ খাৰুৱা তেল উৎপাদন কৰি থকা বুলিও সংবাদমেলত ব্যক্ত কৰে৷ সংবাদমেলতখনত উন্নয়ন বিভাগৰ সঞ্চালক ড০ পি চন্দ্রশেখৰণ, মানৱ সম্পদ আৰু ব্যৱসায় সম্প্রসাৰণ বিভাগৰ সঞ্চালক বিশ্বজিৎ ৰয়, বিত্ত সঞ্চালক হৰিশ মাধৱ, আৱাসিক মুখ্য বিষয়া প্রাণজিৎ ডেকাৰ লগতে ভালেসংখ্যক বিষয়া উপস্থিত থাকে৷