ৰাজ্যৰ উপনিৰ্বাচনৰ বাবে বিজেপিৰ প্রার্থী তালিকা চূড়ান্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 28, 2019

ৰাজ্যৰ উপনিৰ্বাচনৰ বাবে বিজেপিৰ প্রার্থী তালিকা চূড়ান্ত

গুৱাহাটী : অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া অসমৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে প্রার্থীৰ তালিকা চূড়ান্ত কৰিছে শাসকীয় বিজেপিয়ে৷ সেই অনুসৰি ৰঙাপৰা সমষ্টিৰ বাবে প্রাক্তন বিধায়ক ৰাজেন বৰঠাকুৰক, সোণাৰি সমষ্টিত নৱনীতা সন্দিকৈক, ৰাতাবাৰী সমষ্টিত বিজয় মালাকাৰক আৰু জনিয়া সমষ্টিত মুজিবুৰ ৰহমান খানক প্রার্থিত্ব প্রদান কৰা হ’ব৷


অৱশ্যে আনুষ্ঠানিকভাৱে দলটোৱে এতিয়াও প্রার্থিত্ব প্রদানৰ তালিকাখন ঘোষণা কৰা নাই৷ প্রণিধানযোগ্য যে ৰাজ্যিক বিজেপিয়ে চাৰিওটা সমষ্টিৰ বাবে তিনি জনীয়া প্রার্থীৰ পেনেল প্রস্তুত কৰি চূড়ান্ত অনুমোদনৰ বাবে দলৰ ৰাষ্ট্রীয় সমিতিলৈ প্রেৰণ কৰিছিল৷ ৰাষ্ট্রীয় সমিতিয়ে উক্ত প্রার্থীৰ পেনেলখন চালি-জাৰি চোৱাৰ পাছত আজি চাৰিওটা সমষ্টিৰ বাবে প্রার্থী চূড়ান্ত কৰে৷

উল্লেখযোগ্য যে ৰাজ্যিক সমিতিয়ে সোণাৰি সমষ্টিৰ বাবে প্রস্তুত কৰা পেনেলত নৱনীতা সন্দিকৈ, স্বাক্ষৰ জ্যোতি গগৈ আৰু অনুপ সিং ৰাজপুৰোহিতৰ নাম অন্তর্ুক্ত কৰিছিল৷ ঠিক সেইদৰে ৰঙাপৰা সমষ্টিত ৰাজেন বৰঠাকুৰ, বতাছ ওৰাং আৰু কেশৱ উপাধ্যায়ৰ নাম, ৰাতাবাৰী সমষ্টিত বিজয় মালাকাৰ, জয়দেৱ দাস আৰু সুনীল বীনৰ নাম অন্তর্ুক্ত কৰা হৈছিল৷

আনহাতে ৰাজ্যিক বিজেপিয়ে প্রার্থী নির্বাচনৰ বাবে যোৱা ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা বৈঠকত জনিয়া সমষ্টিৰ বাবে প্রার্থীৰ তালিকা প্রস্তুত কৰাৰ দায়িত্ব অর্পণ কৰে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক৷ সেই অনুসৰি কালি ৰাজ্যিক বিজেপিৰ সভাপতিজনে প্রস্তুত কৰা তালিকাত স্থান লাভ কৰিছিল মজিবুৰ ৰহমান খান, আব্দুল ছামাদ আৰু ইছমাইল হুছেইনে৷

মন কৰিব লগীয়া কথা যে অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ৩০ ছেপ্টেম্বৰ৷ আনহাতে মনোনয়ন পৰীক্ষাৰ দিন ১ অক্টোবৰ, মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ৩ অক্টোবৰ আৰু ভোট গ্রহণৰ দিন ২১ অক্টোবৰ ধার্য কৰা হৈছে৷ ভোট গণনা কৰা হ’ব ২৪ অক্টোবৰত৷

ইতিমধ্যে বিজেপিয়ে চাৰিওটা বিধানসভা সমষ্টিয়েই নিজৰ দখললৈ নিয়াৰ বাবে পূর্ণ প্রস্তুতি চলাইছে৷ অৱশ্যে পূর্বতেও জনিয়া সমষ্টিটোৰ বাহিৰে আন তিনিওটা সমষ্টিয়েই বিজেপিৰ হাতত আছিল৷ জনিয়া সমষ্টিটো আছিল কংগ্রেছৰ হাতত৷ এইবাৰ বিজেপিয়ে সংখ্যালঘু অধু্যষিত উক্ত সমষ্টিটোও নিজৰ দখললৈ অনাৰ বাবে ৰণ কৌশল প্রস্তুত কৰি উলিয়াইছে৷

No comments:

Post a Comment

SPONSORED