দূৰ হ’ল বিভ্ৰান্তি : ২০২১ চনত দেশৰ লগতে অসমতো হ’ব লোকপিয়ল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 07, 2019

দূৰ হ’ল বিভ্ৰান্তি : ২০২১ চনত দেশৰ লগতে অসমতো হ’ব লোকপিয়ল

গুৱাহাটী : দেশৰ আন আন ৰাজ্যৰ লগত একে সমানে অসমত ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী প্রস্তুত নহয় যদিও নির্ধাৰিত সময়তে হ’ব লোকপিয়ল৷ ভাৰতৰ মহাপঞ্জীয়কে জাৰি কৰা এখন অধিসূচনাৰ পাছত ৰাষ্ট্রীয় নাগৰিকপঞ্জী আৰু লোকপিয়লক লৈ ৰাইজৰ মাজত বিভ্রান্তিৰ সৃষ্টি হৈছে৷ দেশৰ মহাপঞ্জীয়কে অসমতো সময়মতে আৰম্ভ কৰিব ২০২১ চনৰ লোকপিয়ল৷ উল্লেখযোগ্য যে ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী আৰু লোকপিয়ল দুটা পৃথক ব্যৱস্থা৷


এই দুয়োটা ব্যৱস্থাৰ অধীনত ২০১১ চনৰ লোকপিয়ল আৰু ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী যুগুতৰ কাম আৰম্ভ হৈছিল ২০১০ চনত৷ সমগ্র দেশতে ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী অহা এপ্রিল মাহৰ পৰা আৰম্ভ হৈ ৩০ ছেপ্টেম্বৰ, ২০২০-ত অন্ত পৰিব৷ অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) প্রস্তুতৰ কাম চলি থকাৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রীয় জনসংখ্যাপঞ্জীৰ কাম আৰম্ভ নহয়৷ ৰাষ্ট্রীয় জনসংখ্যাপঞ্জীৰ লগতে ২০২১ চনৰ লোকপিয়লো নহয় বুলি ৰাইজৰ মাজত বিভ্রান্তি হৈছে যদিও এই সম্পর্কত অসমৰ লোকপিয়লৰ দায়িত্বত থকা উপ-সঞ্চালক ভাৰতী চন্দ্রাই স্থিতি স্পষ্ট কৰিছে৷ উপ-সঞ্চালকগৰাকীয়ে কয় যে মহাপঞ্জীয়কে তেওঁলোকক কেৱল লোকপিয়লৰ কাম কৰাৰহে নির্দেশ দিছে৷

এন আৰ চি উন্নীতকৰণ প্রক্রিয়া চলি থকাৰ হেতু ৰাষ্ট্রীয় জনসংখ্যাপঞ্জীৰ কাম অসমত নহয়৷ দেশৰ অন্য ৰাজ্যত জনসংখ্যাপঞ্জী আৰু লোকপিয়লৰ কাম একেসময়়তে সমান্তৰালকৈ আৰম্ভ হ’ব বুলি উপ-সঞ্চালকগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷ উল্লেখযোগ্য যে ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী প্রস্তুত হ’ব নাগৰিকত্ব আইন ১৯৫৫ আৰু নাগৰিকত্ব (পৰিচয় পত্র আৰু পঞ্জীয়ন) বিধি-২০০৩ৰ অধীনত৷ একে আইন আৰু বিধিৰ অধীনত অসমত এন আৰ চি উন্নীতকৰণৰ কাম চলি আছে৷

জনসংখ্যাপঞ্জীত সন্নিৱিষ্ট কৰিবলৈ তথ্য দিয়াটো বাধ্যতামূলক৷ ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী মানে ভাৰতীয় নাগৰিকৰ পঞ্জী নহয়৷ কাৰণ গাঁও বা নগৰত কমেও ৬ মাহ বসবাস কৰিলেই তেওঁলোকৰ নাম ৰাষ্ট্রীয় জনসংখ্যাপঞ্জীত সন্নিৱিষ্ট হ’ব৷ বংশ বৃক্ষৰ ভিত্তিত এই পঞ্জী যুগুত হ’ব৷ জনসংখ্যাপঞ্জী প্রস্তুত কৰাৰ সময়ত বায়’মেট্রিক ব্যৱস্থা গ্রহণ কৰা হ’ব৷ এই পঞ্জীৰ বাবে প্রতিজন ব্যক্তিয়ে নিজৰ নাম, ঘৰৰ মুৰববীৰ লগত সর্ম্পক, পিতৃ-মাতৃৰ নাম, লিংগ, বিবাহিত হ’লে তথ্য আৰু জন্মৰ স্থান এজন ব্যক্তিয়ে অৱগত কৰিব লাগিব৷

SPONSORED