১৯৭১ চনৰ ২৪ মার্চক ভিত্তিবর্ষ হিচাপে লৈ অসমীয়াৰ সংজ্ঞা নিৰূপণৰ দাবী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 20, 2019

১৯৭১ চনৰ ২৪ মার্চক ভিত্তিবর্ষ হিচাপে লৈ অসমীয়াৰ সংজ্ঞা নিৰূপণৰ দাবী

গুৱাহাটী :  ১৯৭১ চনৰ ২৪ মার্চক ভিত্তিবর্ষ হিচাপে লৈ অসমীয়াৰ সংজ্ঞা নিৰূপণৰ দাবী উত্থাপন কৰিছে অসম জমিয়ত উলেমা-ই-হিন্দে৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ক্ষেত্রত পৰামর্শ প্রদানৰ হকে কেন্দ্রীয় চৰকাৰে গঠন কৰা উচচ পর্যায়ৰ কমিটীৰ ওচৰত স্মাৰক-পত্র প্রদান কৰি এই দাবী জনাইছে ধর্মীয় সংগঠনটোৱে৷ 


জমিয়ত উলেমা-ই-হিন্দে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণত জটিলতা থকা বুলি দাবী কৰি অসমত বাস কৰা অসমীয়াভাষীসকলক অসমীয়া হিচাপে গণ্য কৰি সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ সপক্ষত স্মাৰক- পত্র দিছে৷ অসম চুক্তিত যিহেতু খিলঞ্জীয়াৰ বিপৰীতে অসমীয়া বুলিহে উল্লেখ আছে, সেয়েহে অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰিব লাগে বুলি সংগঠনটোৱে কয়৷

ইয়াৰ পূর্বে অসমীয়াৰ সংজ্ঞা নিৰূপণ হ’ব লাগে বুলি জমিয়ত উলেমা-ই-হিন্দে মন্তব্য কৰে৷ অসম চুক্তিয়ে যিহেতু ১৯৭১ চনৰ ২৪ মার্চক অসমত বাস কৰা ভাৰতীয় নাগৰিক চিনাক্ত বা স্বীকৃতিক মানি লৈছে, তেনেক্ষেত্রত অসমীয়াৰ সংজ্ঞা সেইদৰেই নির্ধাৰণ হ’ব লাগে বুলি জমিয়তে দাবী উত্থাপন কৰে৷

SPONSORED