দুষ্টচক্রই পতিতালয়ত বিক্রী কৰে অসমৰ কিশোৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 26, 2019

দুষ্টচক্রই পতিতালয়ত বিক্রী কৰে অসমৰ কিশোৰী

অস্তিত্বহীন বেটী বচাও, বেটী পঢ়াও আঁচনি

গুৱাহাটী : ৰাজ্যত অস্তিত্বহীন ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনি৷ কেন্দ্রীয় চৰকাৰৰ এই অভিলাষী আঁচনিখন কেৱল এখন জিলাতেই সীমাবদ্ধ থাকিল৷ দিনক দিনে ৰাজ্যত শিশু আৰু কিশোৰী অপহৰণ তথা বহিঃৰাজ্যলৈ সৰবৰাহ বৃদ্ধি পাইছে৷ এনে অপৰাধৰ ক্ষেত্রত দেশৰ ৪খন ৰাজ্যৰ ভিতৰত অন্যতম এখন বুলি পৰিগণিত হৈছে অসম৷ তৎসত্ত্বেও সমাজ কল্যাণ বিভাগে কামৰূপ (মহানগৰ) জিলাতেই কেন্দ্রৰ অভিলাষী আঁচনিখন কিয় সীমাবদ্ধ ৰাখিছে, তাক লৈ উত্থাপন হৈছে প্রশ্নৰ৷


উল্লেখযোগ্য যে ভাৰত চৰকাৰ আৰু ইউনিচেফৰ যুটীয়া প্রতিবেদনত ইতিপূর্বে প্রমাণ হৈছে যে অসমৰ পৰা সৰবৰাহ কৰা ৮৩ শতাংশ কিশোৰী দিল্লী, মুম্বাইৰ পতিতালয়ত বিক্রী কৰে দুষ্টচক্রই৷ তদুপৰি বিহাৰ, হাৰিয়ানা আৰু কর্ণাটকলৈও অসমৰ কিশোৰী সৰবৰাহ কৰি আহিছে একেটা চক্রই৷ বিশেষকৈ, ৰাজ্যৰ আর্থিকভাৱে দুর্বল আৰু নিৰক্ষৰ পৰিয়ালক লক্ষ্য কৰি লৈ এই চক্রটোৱে দীর্ঘদিন ধৰি বছৰি শ শ শিশু আৰু কিশোৰী ফুচুলাই কিম্বা ভয়-ভাবুকিৰে অপহৰণ কৰি বহিঃৰাজ্যৰ দেহ ব্যৱসায়ী চক্রৰ হাতত তুলি দিয়ে৷ ৰাজ্যৰ চি আই ডিৰ এ ডি জি পিয়েও অলপতে ক্রমবর্ধমান এই অপৰাধৰ কথা স্বীকাৰ কৰিছে৷ মানৱ সৰবৰাহ প্রতিৰোধৰ ক্ষেত্রত সেয়েহে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথম কার্যকালতে গ্রহণ কৰা ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনিখনৰ গ্রহণযোগ্যতা অধিক৷ কেন্দ্রৰ এই আঁচনিখনৰ বহুল প্রচাৰৰ বিপৰীতে অসমত ৰূপায়ণৰ ক্ষেত্রত কেন্দ্র আৰু ৰাজ্য চৰকাৰে বিগত সময়ত কোনো গুৰুত্ব প্রদান কৰা নাই৷ ৰাজ্যৰ সমাজ কল্যাণ বিভাগেও বেটী বচাও, বেটী পঢ়াও আঁচনিখন সার্থকভাৱে ৰূপায়ণৰ চেষ্টা চলোৱা নাই৷

ভাৰত চৰকাৰ আৰু ইউনিচেফৰ তথ্য মতে বাক৲সা, কাছাৰ, ডিব্রুগড়, গোলাঘাট, যোৰহাট, কৰিমগঞ্জ, শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ পৰা সর্বাধিক শিশু তথা কিশোৰী বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হয়৷ তেনেস্থলত কেৱল কামৰূপ (মহানগৰ) জিলাতহে কিয় কেন্দ্রৰ অভিলাষী আঁচনিখন ৰূপায়ণ কৰা হৈছে, তাক লৈ স্বাভাৱিকতেই প্রশ্নৰ অৱতাৰণা হৈছে৷ এই ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ভূমিকাও পুতৌজনক৷ কিয়নো এই অভিলাষী আঁচনিখন ৰূপায়ণৰ নামত কেন্দ্রই বিগত দুটা বর্ষত অসমক মাত্র ১৩ লাখ টকাহে আবণ্টন দিছে৷

SPONSORED