ৰাজ্যত খ্রীষ্টান আগ্রাসন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 28, 2019

ৰাজ্যত খ্রীষ্টান আগ্রাসন

খ্রীষ্টান মিছনেৰীসকলৰ উদ্দেশ্যই হৈছে সমগ্র ভাৰতভূমিত বিশেষকৈ অসমত খ্রীষ্টান ধর্ম প্রচাৰ কৰা৷ স্বাধীনতাৰ পিছৰ পৰাই বৰ অসমক খণ্ড খণ্ড কৰি ৭ খন ৰাজ্যত বিভক্ত কৰা হল৷ সেই সুযোগতে খ্রীষ্টান মিছনেৰীসকলে চুবুৰীয়া জনজাতীয় ৰাজ্যকেইখনত ইংৰাজী ভাষা আৰু খ্রীষ্টান ধর্ম প্রচাৰ কৰিলে৷


সেইদৰে চুবুৰীয়া ৰাজ্য কেইখনৰ পৰা অসমৰ খাটি খোৱা জনজাতীয় লোকসকলক লক্ষ্য কৰি খ্রীষ্টান ধর্ম প্রচাৰৰ জাল তৈয়াৰ কৰি আহিছে৷ বাদ পৰি নাথাকিল বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান নদীদ্বীপ মাজুলী৷ ভাৰতীয় সংবিধানৰ ধর্মনিৰপেক্ষতাৰ সুযোগ লৈ চৰকাৰী ভূমি, সত্রৰ মাটি, চৰকাৰী স্বাস্থ্যকেন্দ্র আদি অধিগ্রহণ কৰি খ্রীষ্টান ধর্ম প্রচাৰৰ বাবে ইংৰাজী বিদ্যালয় আৰু গির্জা স্থাপন কৰি মাজুলীত হিন্দু ধর্মৰ লোকসকলৰ ওপৰত ধর্মীয় আগ্রাসন চলোৱা খবৰ সংবাদ মাধ্যমে বিভিন্ন সময়ত লাভ কৰি আহিছে৷

মাজুলীত উক্ত আগ্রাসন এই পর্যায় পাইছেগৈ যে আজিকালি মাজুলীত যিমান ধুমধামেৰে ৰাস পালন কৰা হয়, তাতকৈ বেছি আন্তৰিকতাৰে মাজুলীৰ খিলঞ্জীয়াই বৰদিন পালন কৰে৷ ৰাসোৎসৱৰ মাজত এইবোৰ খবৰ লুকাই থাকে যদিও জুইক ঢাকিব নোৱাৰাৰ দৰে মাজুলীৰ বৰদিনৰ উৎসৱকো লাহে লাহে ঢাকিব নোৱাৰা হৈ আহিছে৷ জানিব পৰা মতে, শেহতীয়াকৈ মাজুলীত গঢ়ি উঠিছে প্রায় ৬৬ টাকৈ গির্জা ঘৰ ৷

খ্রীষ্টান ধর্মৰ যি আগ্রাসন চলিব ধৰিছে তালৈ চাই এটা কথা অনুমান কৰিব পাৰি যে আৰু কিছু বছৰৰ পিছত সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলী ‘খ্রীষ্টান নগৰী মাজুলী’লৈ ৰূপান্তৰ ঘটিব৷ এইখিনিতে স্বাভাৱিকতে প্রশ্ন হয় যে এই গির্জাঘৰসমূহ মাজুলীলৈ কোনে আনিলে? এটা দুটাকৈ ৬৬ টাকৈ গির্জা মাজুলীত কেনেকৈ গঢ়ি উঠিল? সাম্প্রতিক সময়ত মাজুলীৰ বাবে এইবোৰেই ডাঙৰ প্রত্যাহবান হিচাপে ঠিয় দিছে৷

আচলতে বিভিন্ন জাতি-উপজাতিৰ সংমিশ্রণত মাজুলীবাসীৰ মাজত গঢ়ি উঠা সম্প্রীতি যোৱা ৬ টামান বছৰৰ ভিতৰতে ধর্মৰ নামত বিভাজন ঘটিছে৷ বিশেষকৈ সহজ-সৰল আৰু আর্থিকভাৱে নিশকতীয়া মিচিং জনগোষ্ঠীয় ভাই-ভনীসকলক এই ক্ষেত্রত চক্রটোৱে লক্ষ্য কৰি লৈছে৷ চুবুৰীয়া অৰুণাচল আৰু নগালেণ্ডৰ পৰা এই সমগ্র চক্রটো নিয়ন্ত্রিত হোৱাৰ শেহতীয়াকৈ খবৰ আহিছে৷ মাজুলীৰ জেংৰাইমুখলৈ নগালেণ্ডৰ লোকৰ সঘন অহা-যোৱা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি এই কথা ঠাৱৰ কৰিব পাৰি৷

ইয়াৰ উপৰি মাজুলীলৈ অহা বিদেশী পর্যটক সকলো মাজুলীলৈ আহি গড়মূৰ-কমলাবাৰীত কোঠা ভাৰা লৈ জেংৰাইমুখতেই বেছি সময় কটোৱালৈ চাই আন্তঃৰাষ্ট্রীয় পর্যায়ৰ পৰা ইয়াত সাৰ-পানী যোগোৱাৰ সন্দেহ কৰিছে সচেতন মহলে৷ যোৱা বছৰ মাজুলীৰ বাপুচলা অঞ্চলৰ শংকৰদেৱ শিশু নিকেতন এখনৰ মাটিও খ্রীষ্টান প্রভাৱিত আইলেণ্ড স্কুল নামৰ ইংৰাজী মাধ্যমৰ স্কুল এখনে দখল কৰাৰ অভিযাগ উঠিছিল৷

পিছত দক্ষিণপাট আশ্রমী সত্রৰ অধিকাৰ আৰু মাজুলীৰ হিন্দু যুৱ ছাত্র পৰিষদে অঞ্চলটোলৈ গৈ ৰাইজৰ সৈতে আলোচনা কৰি বন্ধ হৈ পৰা শংকৰদেৱ বিদ্যা নিকেতনখন পুনৰ আৰম্ভ কৰাৰ বিষয়ে কার্যকৰী ব্যৱস্থা গ্রহণ কৰিছিল৷ এনেদৰেই উক্ত অঞ্চল সমূহত গৈ সজাগতা সৃষ্টিৰ বাবেই দক্ষিণপাট আশ্রমী সত্রৰ অধিকাৰ জনার্দন দেৱ গোস্বামীয়ে খ্রীষ্টান ধর্মীৰ আক্রোশৰ বলি হৈ আদালতত হাজিৰ হ’ব লগীয়া হৈছে৷

পিছে দ্বিতীয় বৈকুণ্ঠপুৰী মাজুলীত খ্রীষ্টান ধর্মৰ আগ্রাসন হৈছে, মিছনেৰীয়ে লোভ দেখুৱাই বা জোৰ- কৰি মাজুলীৰ জনজাতীয়সকলক ধর্মান্তৰিত কিয় কৰিছে, তাৰ আঁৰৰ কাৰণবোৰ বিচাৰি আমি মাজুলীৰ বিভিন্ন জনৰ মতামত বিচাৰিছিলোঁ৷ প্রায় সংখ্যক লোকেই ক’ব বিচৰা কথাখিনি হৈছে–প্রকৃততে মাজুলীত ধর্মান্তৰিত কৰা ইমান সহজ নাছিল৷ পঞ্চাশৰ দশকতে গধূলা ব্রাউন ওৰফে গধূলা দাসে মাজুলীত খ্রীষ্টান ধর্ম প্রচাৰ কৰিবলৈ চেষ্টা কৰিও বিফল হৈ নগালেণ্ডৰ ফালে ধর্ম প্রচাৰৰ বাবে গুচি গৈছিল৷

তেনেস্থলত কোনোবা খ্রীষ্টান মিছনেৰীক মাজুলীৰ খ্রীষ্টান ধর্মীৰ সংখ্যা বৃদ্ধিৰ বাবে জগৰীয়া কৰি, হাত সাবটি বহি থাকিব নিশ্চয় নোৱাৰি৷ সচেতন মহলে আৰু কয় যে মাজুলীৰ সকলোবোৰ সত্র একত্রিত হৈ একেখন মঞ্চত থিয় হৈ একেলগে কাম নকৰিলে এই সমস্যা সোনকালে নাইকিয়া কৰিব নোৱাৰি৷ কাৰণ জেংৰাইমুখৰ নাগনচুক, গেৰেকা, জোকাইবোৱা, মৰিটুনি আদিত গঢ়ি উঠা এই গির্জা ঘৰবোৰ এতিয়া যেন মাজুলীৰ সত্রীয়া অস্তিত্বৰ প্রতি বৃহৎ প্রত্যাহবান হৈ থিয় দিছে৷

ইয়াৰ স্থানীয় লোকক মাহেকীয়া পাৰিতোষিক দি এই গির্জাঘৰসমূহ চোৱা- চিতাৰো দায়িত্ব দিয়াৰ খবৰ পোৱা গৈছে৷ বহু ঠাইত একোজনকৈ এজেণ্ট নিয়োগ কৰি খ্রীষ্টান ধর্মৰ ব্যাপক প্রচাৰ অব্যাহত ৰখাৰ খবৰ পোৱা গৈছে৷ এনেদৰেই সহজ-সৰল মাজুলীৰ বাসিন্দাসকলৰ মাজত ধর্মান্তৰিত কৰাৰ যেন এক ব্যাপক প্রচাৰ চলিছে৷ অতি পৰিতাপৰ কথা যে এই ধৰণৰ প্রত্যাহবানক নেওচা দিবলৈ বর্তমানেও মাজুলীবাসীৰ মাজত গঢ়ি উঠা নাই কোনো ধৰণৰ জাগৰণ আৰু সজাগতা৷

আচলতে সৰল মিচিং সমাজৰ মাজত পূর্বতেই যদি সত্র নতুবা নামঘৰ প্রতিষ্ঠা কৰি মিচিং তথা জনজাতীয় লোকসকলক বৈষ্ণৱ সংস্কৃতিৰ প্রতি অনুপ্রাণিত কৰিলেহেঁতেন, তেনেহ’লে আজিৰ দৰে এইধৰণৰ অৱস্থা সন্মুখীন হ’ব লগা নহ’লহেঁতেন বুলি মাজুলীৰ সচেতন মহলে ক’ব বিচাৰে৷ এই ক্ষেত্রত মাজুলীৰ সচেতন মহলে মাজুলীৰ সত্রাধিকাৰ, সত্র মহাসভা, চৰকাৰৰ কৰণীয় আছে বুলি ক’ব বিচাৰে৷

এনে প্রেক্ষাপটত চৰকাৰৰ সদিচছাৰ অভাৱতে একপ্রকাৰ অকামিলা হৈ থকা মাজুলীৰ সাংস্কৃতিক, অর্থনৈতিক, ভৌগোলিক আৰু সামাজিক সুৰক্ষাৰ ৰক্ষা কৱচস্বৰূপ ‘মাজুলীৰ সাংস্কৃতিক দৃশ্যপট অঞ্চল আইন’-২০০৬ আইনখনো পুনৰ সক্রিয় কৰাৰো দাবী সচেতন মহলৰ৷ মাজুলীৰ ঐতিহ্য সংস্কৃতিক এককভাৱে জীয়াই ৰখাৰ স্বার্থত চৰকাৰৰ যেনেদৰে কৰণীয় আছে, ঠিক সেইদৰেই মাজুলীৰ দল-সংগঠনেও মাজুলীৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰে অসমীয়া জাতিৰ অন্যতম স্বাভিমান মাজুলীৰ সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্রত কৰণীয় আছে বুলি সচেতন মহলে ক’ব বিচাৰে৷

No comments:

Post a Comment

SPONSORED