অসমৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ সুলভ মূল্যৰ চাউল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 7, 2019

অসমৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ সুলভ মূল্যৰ চাউল

গুৱাহাটী : খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সাধাৰণ লোকৰ বাবে সুলভ মূল্যত দিয়া ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল এতিয়া মহানগৰৰ ক’লা বজাৰত বিক্রী হৈ থকাৰ লগতে গোপনে সৰবৰাহ হৈছে বহিঃৰাজলৈ৷ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথেৰে ৰাতিটোৰ ভিতৰতে ট্রাকৰ জৰিয়তে বহিঃৰাজ্যলৈ যায় ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল৷


ইতিমধ্যে আৰক্ষীৰ অভিযানত এই তথ্য পোহৰলৈ আহিছে৷ বিভিন্ন ঠাইৰ পৰা ট্রাকৰ জৰিয়তে সৰবৰাহ হয় চাউল৷ মেঘালয়, অৰুণাচল, মণিপুৰ, মিজোৰাম আদিত এতিয়া চাউলৰ চাহিদা অধিক বৃদ্ধি পাইছে৷ এই সুযোগত অসাধু উপায়েৰে এক বিশেষ চক্রই সৰবৰাহ কৰিছে সুলভ মূল্যৰ চাউল৷ উল্লেখযোগ্য যে সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰতো বিশেষ চক্রই ক’লা বজাৰত যোগান ধৰি আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল৷

খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে যোগান ধৰা তিনিটকীয়া চাউল চৰকাৰী ৰেছনৰ দোকান আহি পোৱাৰ পূর্বেই অধিকাংশ চাউলৰ বস্তা গোপনে যায় ক’লা বজাৰলৈ৷ এই ক’লা বজাৰৰ পৰাই দুষ্ট চক্রই এই সুলভ মূল্যৰ চাউল যোগান ধৰে একাংশ চাউল বিক্রী কৰা ব্যাৱসায়িক প্রতিষ্ঠানত৷

মহানগৰৰ অধিকাংশ গেলামালৰ দোকানতে এতিয়া উপলব্ধ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল৷ এই চাউলসমূহ ব্যৱসায়ীয়ে অধিক দামত গ্রাহকক বিক্রী কৰি আছে৷ যাৰ বাবে সুলভ মূল্যৰ ৰেছনৰ দোকানত এতিয়া অধিকাংশ লোকেই নাপায় সুলভ মূল্যত দিয়া ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল৷

SPONSORED