বৰপেটাৰ উত্তৰ পূব বেতবাৰী গাঁও পঞ্চায়তত অভিযন্তাৰ ব্যাপক অনিয়ম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 31, 2019

বৰপেটাৰ উত্তৰ পূব বেতবাৰী গাঁও পঞ্চায়তত অভিযন্তাৰ ব্যাপক অনিয়ম

• অভিযন্তা ভূপালী শৰ্মাই বদলি হৈ পলোৱাৰ চেষ্টা
• আয়ুক্ত সচিবলৈ অভিযোগ দাখিল স্বয়ং পঞ্চায়ত সভানেত্ৰীসহ স্থানীয় ৰাইজৰ

কয়াকুছি : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৮ নং উত্তৰ-পূব বেতবাৰী গাঁও পঞ্চায়তৰ অভিযন্তাৰ বিৰুদ্ধে ব্যাপক অনিয়ম সংঘটিত কৰি শেষত বদলি হৈ পলোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযন্তা ভূপালী শৰ্মাৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰি স্বয়ং পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ লগতে স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগৰ আয়ুক্ত সচিবলৈ এক লিখিত অভিযোগ দাখিল কৰে৷ 


শতাধিক লোকৰ স্বাক্ষৰিত উক্ত অভিযোগৰ প্ৰতিলিপি অনুসৰি— যোৱা ২ ছেপ্টেম্বৰৰ পৰা আজিলৈকে উক্ত পঞ্চায়তত কৰ্মৰত অভিযন্তা ভূপালী শৰ্মাই কোনো কাৰণ নোহোৱাক কাৰ্যালয়ত অনুপস্থিত হৈ আছে৷ পিছত বিশেষ সূত্ৰে জানিব পৰা মতে বিষয়াগৰাকীয়ে উক্ত গাঁও পঞ্চায়ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ অজ্ঞাতেই আন এখন গাঁও পঞ্চায়তলৈ বদলি হৈ গৈছে৷ উল্লেখ্য যে পঞ্চায়তত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাকে ধৰি একাংশ উন্নয়নমূলক কাম-কাজত ব্যাপক অনিয়ম সংঘটিত কৰি অৱশেষত বদলি হৈ এনেদৰে পলাই পত্ৰং দিছে বুলি অভিযোগত উল্লেখ কৰে৷ সেয়ে পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰি আধৰুৱা হৈ থকা অন্যান্য কামসমূহ সম্পূৰ্ণ কৰাৰ স্বাৰ্থত বিষয়াগৰাকীৰ বদলিকৰণ প্ৰক্ৰিয়া বাতিল কৰি পুনৰ উক্ত পঞ্চায়তত নিযুক্তি দিবলৈ সভানেত্ৰীৰ লগতে স্থানীয় ৰাইজেও সংশ্লিষ্ট বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষলৈ আহ্বান জনাইছে৷

No comments:

Post a Comment

SPONSORED