দিছপুৰত অঞ্জনা-অনিলৰ চাৰিখন গ্ৰন্থ উন্মোচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, December 08, 2019

দিছপুৰত অঞ্জনা-অনিলৰ চাৰিখন গ্ৰন্থ উন্মোচন

আই-মাতৃসকল সৃষ্টিশীল দিকদৰ্শী কামত ব্ৰতী হোৱাটো সুখৰ কথা : ভৱানী অধিকাৰী

গুৱাহাটী : ‘আই-মাতৃসকল সৃষ্টিশীল দিকদৰ্শী কামত ব্ৰতী হোৱাটো সুখৰ কথা৷ সেয়ে এতিয়া আৰু নাৰীক দুৰ্বল বুলি ভবাটো ঠিক নহয়৷’ এই মন্তব্য — বিশিষ্ট সাহিত্যিক ভৱানী অধিকাৰী৷ 


উল্লেখ্য যে আজি দিনৰ ১১ বজাত দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক গ্ৰন্থ উন্মোচনী সভাত অঞ্জনা দাস হাজৰিকাৰ তিনিখন আৰু অনিল কুমাৰ দাসৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়৷ লেখিকা অঞ্জনা দাস হাজৰিকাৰ গ্ৰন্থ তিনিখন ক্ৰমে— বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা নিজস্ব চিন্তাধাৰাৰ ওপৰত লিখা টোকা, প্ৰৱন্ধাদিৰ সমাহাৰ ‘মুক্ত মনৰ ভাৱধাৰা’, দিহা নামৰ ওপৰত ৰচিত ‘দিহা নামৰ হাতপুথি’ আৰু ৰন্ধন প্ৰণালী ‘জুতি লগাই খাওক’৷ একেখন অনুষ্ঠানতেই অনিল কুমাৰ দাসৰ ‘সপোন’ নামৰ গ্ৰন্থখনিও উন্মোচন কৰা হয়৷


সাহিত্যিক-লেখক গিৰীশ ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা উক্ত গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে বিশিষ্ট সাহিত্যক তথা পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ভৱানী অধিকাৰী, সমাজ সোৱক তথা অসম চৰকাৰৰ অৱৰ সচিব ৰাজীৱ আহমেদ, অসম সাহিত্য সভাৰ হাতীগাঁও শতদল নৱাৰূণ শাখাৰ সভানেত্ৰী ভাস্বতী কলিতা অংশগ্ৰহণ কৰি গ্ৰন্থসমূহ উন্মোচন কৰে৷


No comments:

Post a Comment

SPONSORED