কেন্দ্ৰই বাস্তৱত কার্যকৰী কৰিলে ‘কা’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 11, 2020

কেন্দ্ৰই বাস্তৱত কার্যকৰী কৰিলে ‘কা’

নতুন দিল্লী : নাগৰিকত্ব সংশোধনী আইনখনৰ (কা) বিৰুদ্ধে সমগ্র দেশখনত প্রবল প্রতিবাদ আৰু বিক্ষোভ চলি থকাৰ মাজতে আজি নিশা কেন্দ্রই ঘোষণা কৰে যে আজিৰ পৰা আইনখন বলৱৎ হ’ব৷ এখন ৰাজপত্রিত অধিসূচনাত কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে কয় যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা অনা-মুছলমান শৰণার্থীসকলক ভাৰতীয় নাগৰিকত্ব দিবলৈ বিচৰা আইনখন ১০ জানুৱাৰীৰ পৰা বলৱৎ হ’ব৷


অধিসূচনাখনত কোৱা হয়, ‘২০১৯ চনৰ নাগৰিকত্ব (সংশোধনী) আইনখনৰ ১ নম্বৰ ধাৰাৰ উপ-ধাৰাৰ (২) (২০১৯ চনৰ ৪৭) ক্ষমতা প্রয়োগ কৰি কেন্দ্রীয় চৰকাৰে ইয়াৰ দ্বাৰা ২০২০ চনৰ দশম দিনটোত উল্লেখিত আইনখনৰ ব্যৱস্থাসমূহ বলৱৎ কৰিছে৷’ উল্লেখযোগ্য যে যোৱা ১১ ডিচেম্বৰত সংসদে কা গৃহীত কৰিছিল৷ আইনখনৰ অধীনত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত ধর্মীয় অত্যাচাৰৰ কাৰণে সেই দেশ তিনিখনৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰ পর্যন্ত ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্চী আৰু খ্রীষ্টান সম্প্রদায়সমূহক অবৈধ প্রব্রজনকাৰী বুলি গণ্য কৰা নহ’ব বৰং ভাৰতীয় নাগৰিকত্ব দিয়া হ’ব৷

আইনখনৰ বিৰুদ্ধে দেশখনৰ বিভিন্ন অংশত ব্যাপক প্রতিবাদ হৈছে৷ আইনখনৰ বিৰোধিতা কৰাসকলে কৈছে যে ধর্মৰ ভিত্তিত ভাৰতে নাগৰিকত্ব দিয়াটো এয়ে প্রথম যিটোৱে দেশখনৰ সংবিধানৰ মৌলিক নীতিসমূহ উলংঘা কৰিছে৷ অৱশ্যে চৰকাৰ আৰু শাসনাধিষ্ঠিত বিজেপিয়ে আইনখনৰ সমর্থন কৰি কৈছে যে সেই দেশ তিনিখনত ধর্মীয় অত্যাচাৰৰ সন্মুখীন হোৱা সংখ্যালঘু গোটবোৰ ভাৰতলৈ অহাৰ বাদে আন কোনো বিকল্প নাই৷ অৱশ্যে গৃহ মন্ত্র্যালয়ে এতিয়াও আইনখনৰ বাবে নীতি-নিয়ম প্রস্তুত কৰা নাই৷

No comments:

Post a Comment

SPONSORED