বৰপেটাৰোডত সৌন্দৰ্য্য বৰ্ধনৰ কামৰ শুভাৰম্ভ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 21, 2020

বৰপেটাৰোডত সৌন্দৰ্য্য বৰ্ধনৰ কামৰ শুভাৰম্ভ

বৰপেটাৰোড : নামনি অসমৰ অন্যতম বাণিজ্যিক নগৰী বৰপেটাৰোডৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবে কেইবাটাও বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে ৷ তাৰ ভিতৰত অন্যতম হৈছে চহৰখনৰ মাজ মজিয়াত থকা পুখুৰীটোত থকা মোহনলাল চৌধুৰীৰ উদ্যানৰ সৌন্দৰ্য্যবৰ্ধন ৷

 উদ্যানখনিৰ সৌন্দৰ্যবৰ্ধনৰ বাবে লোৱা বিশেষ আঁচনিখনৰ আজি শুভাৰম্ভ কৰা হয় ৷ বৰপেটাৰোড পৌৰ সভাৰ সভানেত্ৰী সবিতা দেৱনাথ আৰু উপ- পৌৰপতি ফুলেন দাসে প্ৰায় এক কোটি ব্যয় সাপেক্ষে ৰূপায়ন কৰিবলগীয়া আঁচনিখন শুভাৰম্ভ কৰা অনুষ্ঠানটোত ৱাৰ্ড কমিছনাৰ বাদল মণ্ডল, সন্তোষ পোদ্দাৰ সহ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷



No comments:

Post a Comment

SPONSORED