আজৱ কাণ্ড:: মাতৃক অচেতন কৰি ন মহীয়া কেচুৱালৈ উধাও - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 15, 2020

আজৱ কাণ্ড:: মাতৃক অচেতন কৰি ন মহীয়া কেচুৱালৈ উধাও

বৰপেটা ৰোড : বৰপেটা ৰোডত আজি এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে৷ প্ৰাপ্ত খবৰ মতে, বৰপেটাৰোডৰ সমীপৰ মৈৰাঝাৰৰ দ্বীপেন্দ্ৰ মোহন সৰকাৰৰ পত্নী মীৰা সৰকাৰে মঙলবাৰে আবেলি তেওঁলোকৰ একমাত্ৰ ন মহীয়া কন্যা সন্তানটোৰ চিকিৎসাৰ বাবে ই- ৰিক্সা এখনৰে আহিছিল৷ কিন্তু মহিলা তাৰ পিছৰে পৰা নিখোজ হৈ পৰে৷ পৰিয়ালৰ লোকে অনেক বিচাৰ খোচাৰ কৰাৰ পিছতো দুয়োৰে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে৷ হঠাৎ মহিলা গৰাকী আজি নিৰ্বাক অৱস্থাত বৰপেটাৰোড বাছ ষ্টেণ্ডত উদ্ধাৰ হয় যদিও কন্যা সন্তানটোৰ কোনো খবৰ পোৱা নগ’ল৷ পিছত মহিলাগৰাকীক বৰপেটাৰোড গ্ৰাম্য চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় যদিও তেওঁ মুখুৰে একো কব নোৱাৰে৷ ঘটনাৰ পিছতে মাত হেৰাই যোৱাত ঘটনাটোৱে এক ৰহস্যৰ সৃষ্টি কৰে৷


আনহাতে, চিকিৎসকে মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাত ডিঙি আৰু বুকুত বেজী দিয়াৰ খোচৰ চিহ্ন প্ৰত্যক্ষ কৰে৷ মহিলাগৰাকীয়ে মুখেৰে কথা ক’ব নোৱাৰাৰ বাবে কাগজত কিছু লিখি দিছে যদিও সেয়া স্পষ্ট হোৱা নাই৷

ঘটনাটোৰ সম্পৰ্কত অধিক অনুসন্ধান কৰাত জানিব পৰা গৈছে যে-- কালি মহিলাগৰাকীক অৰ্ধচেতন আৰু নিৰ্বাক অৱস্থাত বেঁকী নৈৰ পাৰত উদ্ধাৰ হোৱাত ৰাইজে আৰক্ষীৰ খবৰ দিছিল৷ সেইমৰ্মে মহিলাগৰাকীক সৰভোগ আৰক্ষীয়ে সৰভোগ হস্পিতালত ভৰ্ত্তি কৰে৷ মহিলা গৰাকীক উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত কালি নিশাই তেওঁক বৰপেটাস্থিত মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়৷ সেইগৰাকী মাতবোল কৰি মহিলাই আজি কেনেকৈ হস্পিতালৰ পৰা আহি বৰপেটাৰোড পালেহি সেইলৈও আন এক প্ৰশ্নৰ উদয় হৈছে৷

ইপিনে, কোনোবাই শিশুটোক অপহৰণ কৰি মাকক অৰ্ধচেতন কৰি এনে কাৰ্য কৰিছে বুলি পৰিয়ালৰলোকে সন্দেহ প্ৰকাশ কৰিছে৷ লগতে আৰক্ষীৰ ওচৰত এটি গোচৰ ৰুজু কৰিছে৷

No comments:

Post a Comment

SPONSORED