“বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ ক্ষেত্ৰত হাগ্ৰামাৰ কোনো অৰিহণা নাই” - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 27, 2020

“বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ ক্ষেত্ৰত হাগ্ৰামাৰ কোনো অৰিহণা নাই”

গুৱাহাটী : “হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহু সময়ত কৈ আহিছে যে- বিটিএডিত সকলো শান্তি চুক্তিৰ কাম তেওঁৰ বাবেই সম্ভৱ হৈছে। লগতে উগ্ৰপন্থীসকলক তেওঁৰ নেতৃত্বতে পুনৰ ঘৰলৈ ঘূৰাই আনিছে। কিন্তু মই আজি ক’ব বিচাৰিছো যে যোৱা ২০১০ চনৰ পৰায়ে মই গৃহ মন্ত্ৰণালয়ৰ লগত, ভাৰত চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনা কৰি আহিছো। কিন্তু আজি যে এই সমস্যাৰ সমাধান হ’বলৈ গৈ আছে তাত হাগ্ৰামা মহিলাৰীৰ কোনো অৰিহণা নাই।”- সোমবাৰে শান্তি চুক্তিৰ প্ৰাক মুহূৰ্তত এই বিস্ফোৰক মন্তব্য এবছু সভাপতি প্ৰমোদ বড়োৰ।



প্ৰমোদ বড়োৱে লগতে কয় যে হাগ্ৰামা মহিলাৰীয়ে মাজতে এই শান্তি চুক্তিৰ পক্ষত নাছিল। যাৰ বাবে তেওঁ বিভিন্ন সময়ত শান্তি চুক্তি নোহোৱাক লৈ উঠি পৰি লাগিছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এন ডি এফ বিৰ মাজতো হাগ্ৰামাই বিভাজন আনিছিল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় হাগ্ৰামাৰ যি কু নীতি- কুচিন্তা সকলো আজি বিফল হ’ল। ইয়াৰোপৰি ১৫ বছৰ ধৰি শাসনত থাকি হাগ্ৰামা মহিলাৰীয়ে কেৱল টকা ঘটিছে বুলি অন্য এক বিস্ফোৰক মন্তব্য কৰি বড়ো সমাজত তেওঁ শান্তি অহাটো নিবিচাৰে বুলি মন্তব্য কৰে এবছু সভাপতি প্ৰমোদ বড়োৱে।

No comments:

Post a Comment

SPONSORED