নিৰ্ভয়া কাণ্ড : ২২ জানুৱাৰীতেই হ’ব হত্যাকাৰীৰ ফাঁচী, কেনেদৰে চলিছে প্ৰস্তুতি? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 14, 2020

নিৰ্ভয়া কাণ্ড : ২২ জানুৱাৰীতেই হ’ব হত্যাকাৰীৰ ফাঁচী, কেনেদৰে চলিছে প্ৰস্তুতি?

নতুন দিল্লী : ২২জানুৱাৰীত ফাঁচীৰ পৰা ৰক্ষা পাবলৈ বিনয় শৰ্মা আৰু মুকেশ সিং নামৰ অভিযুক্ত দুটাই দাখিল কৰা কিউৰেটিভ পেটিচন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। এতিয়া নিৰ্ধাৰিত ধৰণেই ২২জানুৱাৰীৰ পুৱা ৭বজাত চাৰিওটা পাষণ্ডৰ ফাঁচী হ’ব। 


আদালতে মৃত্যু পৰোৱানা জাৰি কৰাৰ পিছতে নিৰ্ভয়াৰ হত্যাকাৰীয়ে আইনী ব্যৱস্থাৰ অন্তিম সম্বল ব্যৱহাৰ কৰি মৃত্যুদণ্ডৰ পৰা ৰক্ষা পাবলৈ কৰা চেষ্টা ব্যৰ্থ। মঙলবাৰে পাঁচজনীয়া বিচাৰপীঠে নিৰ্ভয়াৰ দুই অভিযুক্ত বিনয় শৰ্মা আৰু মুকেশ সিঙৰ কিউৰেটিভ পেটিচন খাৰিজ কৰে। নিৰ্ভয়াৰ হত্যাকাৰীৰ শেষ ৰক্ষা নহওক এই প্ৰত্যাশাই ৰাখিছিল নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে। এন ভি ৰামান্না, অৰুণ মিশ্ৰা, আৰ এফ নাৰিমন, আৰ বানুমথি আৰু অশোক ভূষণে এই আৱেদনৰ শুনানি গ্ৰহণ কৰি অভিযুক্তক মৃত্যুদণ্ডৰ পৰা ৰেহাই নিদিয়াৰ সিদ্ধান্ত চূড়ান্ত কৰে।

ইতিমধ্যে তিহাৰ জে’লত চলিছে চাৰি দোষীৰ ফাঁচিৰ প্ৰস্তুতি। ৪ অভিযুক্তৰ ফাঁচিৰ পূৰ্বে অভিযুক্তকেইজনৰ সৈতে একে ওজনৰ বালি, মাটি আৰু শিলগুটি ভৰ্তি চাৰিটা বস্তাৰে প্ৰস্তুত কৰা পুতলা ফাঁচিকাঠত ওলমাই চলোৱা হৈছে পৰীক্ষা।ফাঁচিৰ বাবে প্ৰস্তুত কৰা ৰছী কিনা হৈছে বিহাৰৰ পৰা। বিহাৰৰ পৰা ক্ৰয় কৰা ৰছীৰে বালিভৰ্তি বস্তা ওলমাই পৰীক্ষা কৰা হয়, সেই ৰছীয়ে অভিযুক্তৰ ভৰ সহিব পাৰিবনে নাই। সেই একেই ৰছীৰে ২২ জানুৱাৰীত নিৰ্ভয়া কাণ্ডৰ চাৰি অভিযুক্ত ক্ৰমে মুকেশ, পৱন, বিনয় আৰু অক্ষয়ক ফাঁচি দিয়া হ’ব।

তিহাৰ জে’লৰ সঞ্চালকপ্ৰধান সন্দীপ গোৱেলৰ মতে, ৰছী আৰু ফাঁচি দিয়াৰ ব্যৱস্থা ঠিকে ঠিকে চলি আছে নে নাই তাকে পৰীক্ষা কৰিবলৈ ওলমোৱা হ’ল চাৰিটা একে ওজনৰ বস্তা। দোষীৰ যন্ত্ৰণা কম কৰাৰ বাবে ফাঁচিৰ ৰছী পিছল কৰি লোৱা হয়। সঞ্চালকপ্ৰধান গৰাকীয়ে জনোৱা মতে, চাৰি অভিযুক্তক ইতিমধ্যে জে’ল নং ৩ আৰু ৪ৰ সুকীয়া কোঠালৈ প্ৰেৰণ কৰা হৈছে আৰু জেল নং ৩ত চাৰিওকে দিয়া হ’ব ফাঁচি। উত্তৰ প্ৰদেশৰ মীৰাতৰ পৱন জল্লাদে টানিব ফাঁচিকাঠৰ লিভাৰ।

No comments:

Post a Comment

SPONSORED