মুকলি আকাশৰ তলত ৰঞ্জন দৈমাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 25, 2020

মুকলি আকাশৰ তলত ৰঞ্জন দৈমাৰী

গুৱাহাটী : মুকলি আকাশৰ তলত ৰঞ্জন দৈমাৰী৷জামিন লাভ কৰিলে এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰীয়ে। বড়ো শান্তি আলোচনাত ভাগ লোৱাৰ বাবেই ৰঞ্জন দৈমাৰীক মূলত জামিন প্ৰদান কৰা হৈছে।
২০০৮ চনৰ অসমত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল। বড়ো শান্তি চুক্তিত ভাগ লবলৈ দিল্লীলৈ ৰাওনা হ’ব দৈমাৰী ।



উল্লেখ্য যে বিভিন্ন বড়ো সংগঠনৰ নেতৃত্ব বড়ো শান্তি চুক্তিত ভাগ লবলৈ দিল্লীলৈ ৰাওনা হৈছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো শান্তি চুক্তিত ভাগ লবলৈ দিল্লীত উপস্থিত হৈছেগৈ। প্ৰমোদ বড়োৱে কয় যে সকলোৱে শান্তি বিচাৰে। এইটো জনসাধাৰণৰ বাবে ভাল খবৰ। দীৰ্ঘদিনীয়া ভাৰতীয় সেনা আৰু বড়ো উগ্ৰপন্থীৰ মাজত সংঘাতৰ শান্তিপূৰ্ণ সমাধান হৈছে।

No comments:

Post a Comment

SPONSORED