ভৱানীপুৰ : ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুপেটাৰ নিকটৱৰ্তী ভাৰেগাঁওৰ বাসিন্দা এগৰাকী বিহুৱা শিল্পী বাবুল তালুকদাৰে (৩৭) জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
ভাৰেগাঁওৰ প্ৰয়াত মদন তালুকদাৰৰ একমাত্ৰ পুত্ৰ বাবুল তালুকদাৰ এবছৰ ধৰি অসুস্থ হৈ থকাৰ অন্ততঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কতৃপক্ষই তালুকদাৰৰ দুয়োটা কিডনীয়েই বিকল হোৱা বুলি ঘোষণা কৰাত দুখত ভাগি পৰিছে তেওঁৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে।
উল্লেখ্য যে, সুদীৰ্ঘ দিন ধৰি বাবুল তালুকদাৰৰ পিতৃ মদন তালুকদাৰে ৰোগাক্ৰান্ত হৈ থকাৰ ফলত বাবুল তালুকদাৰে কৈশোৰ কালৰ পৰাই দিন হাজিৰা কৰি পিতৃৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ উপৰিও পৰিয়ালবৰ্গক পোহ-পাল দি আহিছিল। এবছৰ পূৰ্বে পিতৃ মদন তালুকদাৰৰ মৃত্যু হোৱাৰ পিছৰে পৰা বাবুল তালুকদাৰো অসুস্থ হৈ পৰে। অৱশেষত, তালুকদাৰৰ দুয়োটা কিডনীয়েই বিকল হোৱা বুলি হাস্পতাল কতৃপক্ষই ঘোষণা কৰাৰ পাছত দিশহাৰা হৈ পৰিছে বাবুল তালুকদাৰৰ বিধৱা মাতৃৰ লগতে পৰিয়ালত থকা একমাত্ৰ ভগ্নীও।
বিহুৱা শিল্পী বাবুল তালুকদাৰ এগৰাকী সামাজিক দায়বদ্ধ সম্পন্ন যুৱকো। বাবুল তালুকদাৰৰ বিধৱা মাতৃ বিৰজা তালুকদাৰৰ লগতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰপেটা জিলা সমিতিৰ সভাপতি কুলজিৎ তালুকদাৰ, সাধাৰণ সম্পাদক হেমেন দাসে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ আৰু ৰাইজলৈ মুকলি আহ্বান জনাইছে যে, দুখীয়া শিল্পী, শ্ৰমিক, যুৱ সমাজকৰ্মী বাবুল তালুকদাৰক পুনৰ সুস্থ-সবল কৰাৰ স্বাৰ্থত আৰ্থিক সহায়ৰ হাত আগবঢ়াওঁক। ইচ্ছুক ব্যক্তিক কিডনী দানৰ বাবেবে আহ্বান জনাইছে পৰিয়ালবৰ্গই। সৰ্বশেষত, সহায়ৰ হাত আগবঢ়াবৰ বাবে ৯৭০৬৯৭১৪২৬ নম্বৰত ইচ্ছুক ব্যক্তিক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বাবুল তালুকদাৰৰ মাতৃ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰপেটা জিলা সমিতিয়ে।
No comments:
Post a Comment