আজিৰ পৰা বার্ড কাউণ্ট ইণ্ডিয়াৰ ‘বিহু বার্ড কাউণ্ট’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, January 11, 2020

আজিৰ পৰা বার্ড কাউণ্ট ইণ্ডিয়াৰ ‘বিহু বার্ড কাউণ্ট’

গুৱাহাটী : সমাগত ভোগালী বিহুৰ সময়তে ৰাষ্ট্রীয় পর্যায়ৰ বেচৰকাৰী সংস্থা ‘বার্ড কাউণ্ট ইণ্ডিয়া’ই অসমত বনৰীয়া চৰাই পর্যবেক্ষণ আৰু গণনাৰ বাবে গ্রহণ কৰিছে বিশেষ কার্যপন্থা– ‘বিহু বার্ড কাউণ্ট’৷ এই বিশেষ কার্যপন্থা প্রথমবাৰৰ বাবে গ্রহণ কৰিছে সংস্থাটোৱে৷ এটা বিবৃতিত সংস্থাটোৱে জনোৱা মতে কাইলৈৰ পৰা ১৩ জানুৱাৰীলৈ তিনিদিন ধৰি চলিব ‘বিহু বার্ড কাউণ্ট’৷


‘বিহু বার্ড কাউণ্ট’ৰ জৰিয়তে চৰাই পর্যবেক্ষণ তথা গণনাত আগ্রহীসকলে ইতিমধ্যে মুকলি কৰা shorturl.at/ABCN5 লিংকটোত গৈ পঞ্জীয়ন কৰিব পাৰিব৷ নির্দ্ধাৰিত নিয়ম অনুসৰি চৰাই পর্যবেক্ষকসকলে নিম্নতম পোন্ধৰ মিনিট বা ইচছা অনুসৰি দীর্ঘ সময়ৰ বাবে কাষৰীয়া বননি, পথাৰ, জলাশয় বা আন যিকোনো পৰিসৰত চৰাই পর্যবেক্ষণ কৰি দেখা পোৱা চৰাইসমূহ প্রজাতি-মাতভেদে এখন তালিকা প্রস্তুত কৰি সেই তালিকা ‘ই বার্ড ইণ্ডিয়া’ (eBird India)ৰ ৱেবছাইটত ৰেকর্ডৰ বাবে ‘আপলোড’ কৰিব লাগিব৷

আনহাতে কোনোৱে যদি কোনো কলেজ, বিশ্ববিদ্যালয়, অনুষ্ঠান-প্রতিষ্ঠান বা আন সংস্থা আদিৰ এলেকাৰ ভিতৰত চৰাই পর্যবেক্ষণ কৰে, উক্ত ক্ষেত্র ‘ই বার্ড ইণ্ডিয়া’ৰ ‘হটস্পট’ৰ ভিতৰত পৰে নেকি সেয়া প্রথমে নিশ্চিত কৰিব লাগিব৷ যদি সেয়া হয় তেতিয়া পর্যবেক্ষকগৰাকীয়ে প্রস্তুত কৰা চৰাইৰ তালিকা উক্ত ‘হটস্পট’ত ‘আপলোড’ কৰিব লাগিব৷ যদি নাই উক্ত ক্ষেত্রক ‘ই বার্ড ইণ্ডিয়া’ৰ ‘হটস্পট’ৰ অন্তর্ভুক্ত কৰাৰ বাবেও আহবান জনাইছে সংস্থাটোৱে৷

ইফালে চৰাই পর্যবেক্ষণৰ ক্ষেত্রত নতুন সকলক ‘বিহু বার্ড কাউণ্ট’ত অংশগ্রহণ কৰি সামর্থ অনুসৰি চৰাই পর্যবেক্ষণ কৰি চৰাইৰ তালিকা প্রস্তুত বা চৰাই চিনাক্তকৰণৰ ক্ষেত্রত নিজৰ অঞ্চলত থকা অভিজ্ঞ চৰাই পর্যবেক্ষকৰ সহায় ল’বলৈও আহবান জনাইছে সংস্থাটোৱে৷ ‘বিহু বার্ড কাউণ্ট’ত আগ্রহীসকলে যিকোনো সহায়ৰ বাবে bihubirdcount @gmail.com ই-মেইলত যোগাযোগ কৰিব পাৰিব৷

No comments:

Post a Comment

SPONSORED