ৰাজ্যজুৰি ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 8, 2020

ৰাজ্যজুৰি ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ব্যুৰ’ সংবাদ :  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ জনবিৰোধী নীতি আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্বন সমূহে ভাৰত বন্ধৰ আহ্বান জনায়৷ ১০ টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে আহ্বান জনোৱা ধৰ্মঘটত ৰাজ্যৰ ভিন্ন প্ৰান্তত পূৰ্ণ প্ৰভাৱ পৰে৷ 


ৰাতিপুৱাৰ পৰা সকলো ধৰণৰ ব্যৱসায়ীক গাড়ী সমূহ বন্ধ হৈ যায়৷ বি জে পি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰে বিগত সময়ছোৱাত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰাৰ লগতে শ্ৰম সংস্কাৰৰ নামত শ্ৰমিকৰ অধিকাৰ কৰ্তন, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি , ৰাজহুৱা খণ্ডৰ উদ্যোগক বেচৰকাৰীকৰণকে ধৰি কেতবোৰ শ্ৰমিক তথা দেশবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপেক্ষিততেই এই বন্ধৰ আহ্বান কৰা হৈছিল৷ CITU, কৃষকসভা আৰু অঙ্গনৱাড়ী কৰ্মী সকলে জাতিধ্বংসী নাগৰিকত্ব বিলৰ বিপক্ষে সমবেত হৈ "কা" আমাক নালাগে ,অঙ্গনৱাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দি মাহিলি মজুৰি ১৮ হাজাৰ টকা ধাৰ্য কৰক আদি শ্লোগানেৰে আকাশ বাতাহ কপাই তোলে৷

No comments:

Post a Comment

SPONSORED