২০ এপ্ৰিলৰ পৰা আৰম্ভ লোক পিয়লৰ কাম : ভুল তথ্য দিলে হ'ব শাস্তিৰ সন্মুখীন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, January 21, 2020

২০ এপ্ৰিলৰ পৰা আৰম্ভ লোক পিয়লৰ কাম : ভুল তথ্য দিলে হ'ব শাস্তিৰ সন্মুখীন

বৰপেটা : আগন্তুক লোক পিয়লত সকলো তথ্য সম্পূৰ্ণ শুদ্ধ আৰু সঠিক ভাৱে আহৰণ কৰাটো নিশ্চিত কৰিবলৈ লোক পিয়ল সঞ্চালক নাৰায়ন কোঁৱৰে সংশ্লিষ্ট বিষয়া সকলৰ প্ৰতি আহ্বান জনাইছে। চলিত বৰ্ষৰ পৰা আৰম্ভ হ'বলগীয়া দশকীয় লোক পিয়ল সম্পৰ্কে আলোচনাৰ বাবে আজি বৰপেটালৈ অহা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া গৰাকীয়ে জনোৱা মতে অহা ২০ এপ্ৰিলৰ পৰা ২০ মেলৈ গৃহ তালিকা আৰু গৃহ পিয়লৰ কাম অনুষ্ঠিত হ'ব। 


অহা বছৰৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত জন গণনাৰ কাম সম্পন্ন কৰা হ'ব। তাৰপিছত এক মাৰ্চৰ পৰা ৫ মাৰ্চলৈ হ'ব পুণৰ পৰিদৰ্শনৰ কাম। এই গণনা কাৰ্যত সঠিক তথ্য আহৰণ কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি সঞ্চালক গৰাকীয়ে কয় যে বিষয়া কৰ্মচাৰীৰ ভুল বা অনিহাৰ বাবে তথ্য সংগ্ৰহত বেমেজালী দেখা গলে তাৰ বাবে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আনহাতে পৰিয়ালৰ তৰফৰ পৰা ভুল তথ্য যোগান ধৰিলে সেয়াও শাস্তি যোগ্য অপৰাধ হিচাপে গণ্য কৰা হ'ব। তদুপৰি লোক পিয়লত লাভ কৰা সকলো তথ্য সম্পূৰ্ণ গোপনীয় হ'ব বুলি উল্লেখ কৰি তেওঁ এনে তথ্য সংশ্লিষ্ট কতৃপক্ষৰ বাহিৰে আনৰ ওচৰত ফাদিল কৰাটো আইন অনুসৰি দণ্ডনীয় অপৰাধ ৰূপে গণ্য কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে। 

গণনা কাৰ্যত জড়িত শিক্ষক সকলে নিয়মীয়া পাঠদানৰ কৰ্তব্যৰ পৰা এইবাৰ ৰেহাই লাভ নকৰিব বুলিও কোঁৱৰে জানিবলৈ দিয়ে। উল্লেখ যোগ্য যে এই গণনা কাৰ্যত বৰপেটা জিলাত মুঠ ৩৭৬৮ জন গণনাকাৰী জড়িত কৰা হ'ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে সঞ্চালক গৰাকীৰ সৈতে এই সম্পৰ্কত অনুষ্ঠিত হোৱা সভাখনত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ, চক্ৰ বিষয়াসকল, জিলা তথ্য বিষয়া এছ ডি শৰ্মাও উপস্থিত আছিল।

No comments:

Post a Comment

SPONSORED