নতুন দিল্লী : নতুন দিল্লীৰ অসম ভৱনত সাংবাদিকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে অসম চৰকাৰে। আনকি ভৱনৰ চৌহদত কোনো লোকৰ ভাষ্য লোৱাৰ ক্ষেত্ৰটো বাধা দিছে জাতি, মাটি, ভেঁটি ৰক্ষাৰ কথা কোৱা ৰাজ্য চৰকাৰ খনে।
প্রাণিধান যোগ্য যে, অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে গঠিত পৰামৰ্শ কমিটিৰ সভাপতি অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত কমিটিৰ চাৰি জনীয়া এটা প্ৰতিনিধিৰ দলে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হৈছিল। গৃহ মন্ত্ৰী জনৰ চৰকাৰী বাসগৃহত পুৱা ১০ বজাত বৈঠকত মিলিত হোৱাৰ পাছত প্ৰতিনিধি দলটো উপস্থিত হৈছিলহি অসম ভৱনত। কিন্তু প্ৰতিনিধি দলটো উপস্থিত হোৱাৰ পূৰ্বে অসম ভৱনত থকা সাংবাদিক সকলক আৰক্ষীয়ে ভৱনৰ পৰা উলিয়াই দিয়ে।
যাৰ বাবে কমিটিৰ সভাপতি বিপ্লৱ কুমাৰ শৰ্মা,সদস্য ক্ৰমে ৰমেশ বৰপাত্ৰগোহাঁই, মৃণাল মিৰি আৰু সুভাষ দাসৰে সাংবাদিকে কথা পতাত সমস্যাৰ সৃষ্টি হয়। অৱশ্যে পাছত কমিটিৰ সভাপতি বিপ্লৱ কুমাৰ শৰ্মাই নিজেই অসম ভৱনৰ চৌহদৰ পৰা ওলাই আহি ৰাজ পথতে সাংবাদিক সকলৰ সৈতে কথা পাতে। শৰ্মাই কয় যে অনাগত দহ, পোন্ধৰ দিনৰ ভিতৰতে কমিটিয়ে চুড়ান্ত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব।
No comments:
Post a Comment