দিল্লীত প্রার্থীৰ ১৩৩গৰাকীৰ প্রার্থীৰ আছে অপৰাধ গোচৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 3, 2020

দিল্লীত প্রার্থীৰ ১৩৩গৰাকীৰ প্রার্থীৰ আছে অপৰাধ গোচৰ

দিল্লী : দিল্লী বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা আপৰ ২৫ শতাংশ প্রার্থীৰ বিৰুদ্ধে আছে অপৰাধ গোচৰ৷ আনফালে বিজেপিৰ ২০ শতাংশ প্রার্থী অপৰাধ গোচৰত জড়িত বুলি প্রার্থীসকলে মনোনয়নৰ সময়ত দাখিল কৰা শপতনামাত উল্লেখ কৰিছে৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ)ৰ বিশ্লেষণত পোহৰলৈ আহিছে এই তথ্য৷ সংস্থাটোৰ প্রতিবেদন অনুসৰি কংগ্রেছৰ ১৫ শতাংশ প্রার্থীয়ে নিজৰ বিৰুদ্ধে অপৰাধ গোচৰ থকা বুলি শপতনামাত উল্লেখ কৰিছে৷


উল্লেখনীয় যে এইবাৰ দিল্লী বিধানসভা নির্বাচনত ৭০টা সমষ্টিত মুঠ ৬৭২গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ ২০১৫ৰ নির্বাচনতকৈ এজন কমকৈ প্রার্থীয়ে এইবাৰৰ নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ লক্ষণীয়ভাৱে ৬৭২গৰাকী প্রার্থীৰ ভিতৰত ১৩৩গৰাকীৰ বিৰুদ্ধে অপৰাধ গোচৰ থকা বুলি এডিআৰে উল্লেখ কৰিছে৷ অর্থাৎ মুঠ প্রার্থীৰ ২০ শতাংশই হৈছে অপৰাধ গোচৰত জড়িত৷ ২০১৫ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ১৭ শতাংশ প্রার্থীৰ বিৰুদ্ধে আছিল অপৰাধ গোচৰ৷

No comments:

Post a Comment

SPONSORED