গুৱাহাটী : বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত আলফাৰ (স্বাধীন) লগত আলোচনাৰ প্রসংগই নতুন মোৰ লোৱাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ইতিবাচক সঁহাৰি দিছে৷ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই মর্যাদাসহকাৰে চৰকাৰে আলোচনাৰ প্রস্তাৱ দিয়াৰ এক চর্ত বান্ধি দিছিল৷ আজি মুখ্যমন্ত্রী সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা শান্তি আলোচনাৰ মেজলৈ আহিলে মর্যাদাসহকাৰে নিশ্চিতভাৱে চৰকাৰ আগবাঢ়িব৷
উল্লেখযোগ্য যে ৰাজ্যৰ বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই বড়ো শান্তি চুক্তিৰ পাছদিনাই সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক আহবান জনাইছিল৷ আলফাৰ লগত শান্তি আলোচনাৰ প্রসংগই নতুন গতি লাভ কৰাৰ সময়ত আজি মুখ্যমন্ত্রী সোণোৱালে কয় যে সকলোৱে মিলি আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ আলফাৰো এইক্ষেত্রত দায়িত্ব আছে৷ পৰেশ বৰুৱা আলোচনালৈ আহিলে স্বাগতম জনাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্রী সোণোৱালে৷ তেওঁ আৰু কয় যে বড়ো শান্তি চুক্তিয়ে ভাল বতৰা আনিছে৷
No comments:
Post a Comment