অভিনেতা সঞ্জীৱ ফুকনৰ মৃত্যু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 13, 2020

অভিনেতা সঞ্জীৱ ফুকনৰ মৃত্যু

গুৱাহাটী : শিৱসাগৰৰ বিভিন্ন অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত সাংস্কৃতিক কৰ্মী, অভিনেতা সঞ্জীৱ ফুকন ৰ গুৱাহাটীৰ নেইম কেয়াৰ চিকিৎসালয়ত মৃত্যু হয়। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা সাংস্কৃতিক কৰ্মীগৰাকীৰ চিকিৎসাৰ ধন চিকিৎসালয় কৰ্ত্তৃপক্ষক আদায় দিব নোৱাৰা বাবে তেওঁৰ মৃতদেহ পৰিয়ালবৰ্গই চমজি লব পৰা নাছিল।


বিষয়টো জানিব পাৰি অসম চৰকাৰৰ মাদক দ্ৰব্য নিবাৰণ পৰিষদৰ উপাধ্যক্ষা তথা শিৱসাগৰৰ জীয়ৰী, সচেতন যুৱতী নাং লাকী গগৈয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি সাংস্কৃতিক কৰ্মীগৰাকীৰ চিকিৎসাৰ ব্যয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰাৰ ব্যৱস্থা কৰে। তাৰ পাছতেই পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ চমজি লবলৈ সক্ষম হয়। সচেতন যুৱতী লাকী গগৈৰ এই পদক্ষেপ সঁচাকৈ আদৰণীয়।

No comments:

Post a Comment

SPONSORED