মুখ্যমন্ত্রী, বিত্ত মন্ত্রীৰো প্রার্থিত্ব এই মুহূর্তত চূড়ান্ত নহয় : ৰঞ্জিত দাস - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 12, 2020

মুখ্যমন্ত্রী, বিত্ত মন্ত্রীৰো প্রার্থিত্ব এই মুহূর্তত চূড়ান্ত নহয় : ৰঞ্জিত দাস

গুৱাহাটী : কেৱল মন্ত্রিত্ব লাভ নকৰা বিধায়কসকলেই নহয়, খোদ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মা বা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও ২০২১ৰ বিধানসভা নির্বাচনত দলীয় টিকট লাভ কৰাটো এই মুহূর্তত নিশ্চিত নহয়৷ সমষ্টিৰ ৰিপ’র্ট কার্ড যদি বেয়া হয়, তেনেহ’লে তেওঁলোকেও অহাবাৰ টিকট লাভৰ পৰা বঞ্চিত হ’ব পাৰে৷ একে কথা হ’ব পাৰে অন্য মন্ত্রীসকলৰ ক্ষেত্রতো৷ আজি এইকথা স্পষ্ট কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷

দলৰ টিকট প্রদানৰ পূর্বে প্রতিজন বিধায়কৰ ৰিপ’র্ট কার্ড লোৱাৰ কথা ঘোষণা কৰাৰ পাছত দলৰ ভিতৰত হাহাকাৰ লগাৰ পাছত বিধায়কসকলে মন্ত্রীসকলৰ ৰিপ’র্ট কার্ড লোৱাৰ দাবী কৰিছিল৷ আজি ৰাজ্যিক সভাপতি দাসে স্পষ্টভাৱে সকলোৰে সমষ্টিভিত্তিক ৰিপ’র্ট কার্ড লোৱা হ’ব বুলি কয়৷ তেওঁ কয় যে মন্ত্রী বা ৰাজ্যিক সভাপতি হিচাপে নহয়, বিধায়ক হিচাপে সকলোৰে ৰিপ’র্ট কার্ড লোৱা হ’ব৷ ৰিপ’র্ট কার্ডৰ বাবে বিভিন্ন এজেঞ্চি বা অন্য প্রক্রিয়াৰে প্রতিটো সমষ্টিৰ সমীক্ষা চলোৱা হ’ব৷


মাইক্র’ মেনেজমেণ্ট ব্যৱস্থাৰে সমষ্টিবোৰৰ মূল্যাংকন কৰা হ’ব বুলিও তেওঁ কয়৷ এই প্রক্রিয়াত মন্ত্রীসকলৰ সমষ্টিৰো সমীক্ষা হ’ব৷ তেনেক্ষেত্রত মন্ত্রীসকলো বিধায়কৰ ৰূপত সমীক্ষাৰ সন্মুখীন হ’ব লাগিব আৰু তেওঁলোকৰ সমষ্টিৰো ৰিপ’র্ট কার্ড ওলাব৷ যদি তেওঁলোকৰ সমষ্টিৰ ৰিপ’র্ট কার্ড বেয়া হয় তেনেহ’লে দলে তেওঁলোককো টিকটৰ পৰা বঞ্চিত কৰিব পাৰে৷ অর্থাৎ মুখ্যমন্ত্রী, বিত্ত মন্ত্রী অথবা ৰাজ্যিক বিজেপিৰ সভাপতি হ’লেও বিধায়ক হিচাপে তেওঁলোকৰ পাৰফর্মেন্স যদি বেয়া হয় বা তেওঁলোক যদি ব্যর্থ হৈছে তেনেহ’লে তেওঁলোকো টিকটৰ পৰা বঞ্চিত হ’ব৷

বাকী মন্ত্রীসকলৰ ক্ষেত্রতো একে নীতি চলিব বুলি তেওঁ আজি স্পষ্ট কৰে৷ ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৫২সংখ্যক মৃত্যু তিথি উপলক্ষে আজি সমগ্র দেশৰ লগতে অসমতো বিজেপিয়ে সমর্পণ দিৱস হিচাপে উদ৲যাপন কৰে৷ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এই দিৱসৰ সময়ত সাংবাদিকৰ সৈতে বার্লাপ কৰি তেওঁ এইকথা স্পষ্ট কৰে৷ তেওঁ কয় যে বিজেপিয়ে বিভিন্ন এজেঞ্চি আৰু অন্যৰ সহায়ত মাইক্র’ মেনেজমেণ্ট ব্যৱস্থাৰে প্রতিটো সমষ্টিৰে মূল্যাংকন কৰিব৷ তাৰ পাছতহে নিশ্চিত হ’ব তেওঁৰ টিকট সন্দর্ভত৷

এই কাম কৰাৰ এটাই লক্ষ্য আৰু সেয়া হ’ল ২০২১ত বিজেপিৰ ১০০খন আসন লাভ৷ বিধায়ক হিচাপে প্রতিটো সমষ্টিৰ সকলো ভোটাৰৰ সমর্থন নহ’লেও অধিকাংশ ভোটাৰৰ সমর্থন লাভ কৰিব পৰাকৈ বিধায়কজনে কাম কৰিছে নে নাই সেয়াই প্রথম চোৱা হ’ব বুলিও সদৰী কৰে৷ আনহাতে শ্বাহিন বাগত অসমৰ মুছলমানৰ ওপৰত নির্যাতন চলোৱাৰ অভিযোগ কৰি সমগ্র উত্তৰ পূর্বাঞ্চলকে ভাৰতৰ পৰা বিচিছন্ন কৰাৰ দাবী কৰা ছার্জিল ইমামৰ সৈতে অসমৰ বহু লোকৰ সম্পর্ক থকাৰ অভিযোগ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷

তেওঁ ছার্জিল ইমামক অসমলৈ আনি অধিক তদন্ত কৰাৰ প্রয়োজন আছে বু৲লি প্রকাশ কৰি এই দাবী ইতিমধ্যে অসম চৰকাৰক দলে কৰা বুলি কয়৷ তেওঁ কয় যে অধিক তদন্তৰ কাৰণ হ’ল যে অসমৰ বহু লোকৰ সৈতে ছার্জিল ইমামৰ দীঘলীয়া সম্পর্ক আছে৷ এয়া তেওঁৰ বিশ্বাস বুলিও তেওঁ দাবী কৰে৷ গতিকে তদন্ততহে অধিক কথা মুকলি হ’ব বুলিও তেওঁ কয়৷

No comments:

Post a Comment

SPONSORED