বড়ো চুক্তি কার্যকৰীকৰণ আয়োগত অন্তর্ভুক্ত হ’ব অবড়ো প্রতিনিধি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, February 06, 2020

বড়ো চুক্তি কার্যকৰীকৰণ আয়োগত অন্তর্ভুক্ত হ’ব অবড়ো প্রতিনিধি

গুৱাহাটী : বড়ো চুক্তি কার্যকৰী সন্দর্ভত গঠন হ’বলগীয়া আয়োগত অন্তর্ভুক্ত হ’ব অবড়ো প্রতিনিধি৷ বিশেষকৈ বড়ো চুক্তি অনুসৰি প্রস্তাৱিত বি টি আৰত নতুন গাঁও অন্তর্ভুক্তি আৰু অবড়োৰ প্রাধান্য থকা গাঁও কর্তন সন্দর্ভত অবড়ো ৰাইজক মতামত প্রদানৰ সুযোগ দিয়া হ’ব৷ সেয়েহে আয়োগত অবড়ো সংগঠনৰ প্রতিনিধি সদস্য হিচাপে অন্তর্ভুক্ত কৰা হ’ব৷

অহা ১২ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কেবিনেটত বি টি এ ডিত বাস কৰা অবড়ো ৰাইজৰ এই বিষয়টো আলোচনা কৰা হ’ব৷ বড়ো চুক্তিক লৈ শংকিত অবড়ো ৰাইজক আশ্বস্ত কৰি এই প্রতিশ্রুতি দিছে মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই জানিবলৈ দিয়া মতে অবড়ো সংগঠনৰ নেতৃত্বক আজি সাক্ষাৎকালত এই প্রতিশ্রুতি দিছে মন্ত্রীগৰাকীয়ে৷

প্রধানমন্ত্রীৰ কোকৰাঝাৰ ভ্রমণৰ দিনা স্মাৰকপত্র প্রদানৰো সুযোগ অবড়ো সংগঠনক প্রদান কৰিব চৰকাৰে৷ তদুপৰি গৃহ মন্ত্রী অমিত শ্বাহৰ সৈতে এক বৈঠকৰো দিহা কৰিব ৰাজ্য চৰকাৰে৷ মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পৰা এই প্রতিশ্রুতি লাভ কৰাৰ পাছত ৭ ফেব্রুৱাৰীত প্রধানমন্ত্রীৰ আগমনৰ সময়ত অবড়ো সুৰক্ষা সমিতিয়ে ঘোষণা কৰা বন্ধৰ কার্যসূচী উঠাই লোৱা বুলি জনাইছে৷

No comments:

Post a Comment

SPONSORED