কেন্দ্রীয় পুঁজি ব্যয়ত ব্যর্থ সোণোৱাল চৰকাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 22, 2020

কেন্দ্রীয় পুঁজি ব্যয়ত ব্যর্থ সোণোৱাল চৰকাৰ

গুৱাহাটী : কেন্দ্রীয় পুঁজিৰ সঠিক ব্যৱহাৰ কৰিব নোৱৰাৰ কুফল ৰাজ্যৰ শিক্ষা খণ্ডতো পৰিছে৷ কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনি ৰাষ্ট্রীয় উচচতৰ শিক্ষা অভিযান অর্থাৎ ‘ৰুছা’ৰ অধীনত ৰাজ্যৰ উচচ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে যোগান ধৰা পুঁজি ব্যয় কৰাত চূড়ান্ত ব্যর্থ হৈছে সোণোৱাল চৰকাৰ৷ এশ কোটি টকাৰো ওপৰত ইউ চি অর্থাৎ ব্যাৱহাৰিক প্রমাণ-পত্র দিয়াত ব্যর্থ ৰাজ্য চৰকাৰক কেন্দ্রীয় মানৱ সম্পদ মন্ত্র্যালয়ে বাৰম্বাৰ সকীয়াই দিছে৷


 উচচ শিক্ষাৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে ৯০১০ অনুপাতত পুঁজি যোগান ধৰি আহিছে৷ অর্থাৎ কেন্দ্রীয় চৰকাৰে ৯০ শতাংশ আৰু ৰাজ্য চৰকাৰৰ ১০ শতাংশ পুঁজিৰে এই আঁচনি ৰূপায়ণ কৰি আহিছে৷ ২০১৪-১৫ বিত্তীয় বর্ষৰ পৰা ২০১৮-১৯ বিত্তীয় বর্ষলৈ দুটা পর্যায়ত অসমক কেন্দ্রই যোগান ধৰিছে কেইবাশ কোটি টকা৷ ‘ৰুছা ১’ৰ অধীনত কেন্দ্রীয় চৰকাৰে ৪৫৬.৯৩ কোটি টকা ধার্য কৰি অসমক যোগান ধৰিছিল ৩৬৩.৯০ কোটি টকা৷ এই ধনৰাশিৰ ২৯৪.৮৬ কোটি টকাহে ৰাজ্য চৰকাৰে ব্যয় কৰিছে৷

 ইফালে ৮০ কোটি টকাৰ ব্যাৱহাৰিক প্রমাণ-পত্র ৰাজ্য চৰকাৰে কেন্দ্রকযোগান ধৰা নাই৷ আনহাতে ২০১৮-১৯ বিত্তীয় বর্ষত ‘ৰুছা ২’ৰ অধীনত কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্র্যালয়ে ৪২১ কোটি টকা ধার্য কৰি মোকলাই দিছে ২৫৭ কোটি৷ কিন্তু পুঁজিৰ সঠিক ব্যৱহাৰৰ ব্যর্থতা অটুট ৰাখি অনুৰূপ প্রদর্শনকে দাঙি ধৰিছে ৰাজ্য চৰকাৰে৷ দুখন বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ ১২০খন উচচ শিক্ষানুষ্ঠানলৈ আগবঢ়োৱা ২৫৭ কোটি টকাৰো সঠিক ব্যৱহাৰ হোৱা নাই৷ 

গড়কাপ্টানী (গৃহ) অসম গৃহ নির্মাণ পৰিষদ আৰু হাউছফেডক শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ দায়িত্ব দিয়া হৈছিল৷ হাউছফেডে ৩৯খন শিক্ষানুষ্ঠানৰ ভিতৰত মাত্র ৬খন আৰু অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদে ৩২খন শিক্ষানুষ্ঠানৰ ভিতৰত মাত্র ৫খন শিক্ষানুষ্ঠানৰহে আন্তঃগাঁথনি উন্নয়নৰ কাম সম্পূর্ণ কৰিছে৷ কেন্দ্রীয় চৰকাৰে ২০১৯ চনৰ ডিচেম্বৰপর্যন্ত পর্যায়ক্রমে উল্লেখিত পৰিমাণৰ ধন ৰাজ্য চৰকাৰক যোগান ধৰিছিল৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে চলিত বিত্তীয় বর্ষৰ ৩১ মার্চৰ ভিতৰত ২০১৮-১৯ বিত্তীয় বর্ষত আবণ্টিত পুঁজিৰ ৪০ শতাংশ কামৰ হ’লেও ইউ চি দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক কঠোৰ নির্দেশ দিছে৷

No comments:

Post a Comment

SPONSORED